আইদেউ টকীজ- যাৰ নামেই পৰিচয়

2 260

IMG-20170104-WA0021

ইতিবাচক খবৰ বোৰ শুনিলে মন ভাল লাগি উঠে, আশাবোৰ জীপাল হৈ উঠে। কথাষাৰ সকলোৰে ক্ষেত্ৰতেই প্ৰযোজ্য। ভাৱকচোন, আপুনি একদম ঘোক ভিতৰুৱা অঞ্চলত আছে, চিনেমা চাব মন গৈছে পিছে হলত, হলৰ কোনো ব্যবস্থা নাই। এই সময়ত এই অভাৱক দুৰ কৰিব ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আইদেউ টকীজ হ’ল উত্তৰ পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ। এদল সংস্কৃতি প্ৰেমী উদ্যাগত এই ভ্ৰাম্যমাণ ছবি ঘৰটোৱে প্ৰাণ পাই উঠিছে। ইয়াৰ ভিতৰত অন্যতম ৰত্ন দাস, পাপু কবীড়, ভাস্কৰজ্যোতি নাথ, ডেইজী দেৱী, মানৱ প্ৰতীম দাস, মৃগেন্দ্ৰ কোঁৱৰ, ৰঞ্জিত যাদৱ। ২০১৩ চনৰ ২০ আগষ্টত জ্যোতি চিত্ৰবনৰ বাকৰিত জন্মগ্ৰহণ কৰা আইদেউ টকীজে বৰ্ত্তমানলৈকে মঙ্গলদৈ, মিৰ্জা, চামতা, নলবাৰী ভ্ৰাম্য ভাবে ছবি প্ৰদৰ্শন কৰিছে। এই সম্পৰ্কে জানিব বিচৰাত আইদেউ টকীজৰ প্ৰধান ৰত্ন দাসে এনেদৰে কয়- উন্নত মানৰ চলচ্চিত্ৰ নিৰ্মাণ আৰু ভ্ৰাম্যমাণ ছবি গৃহৰ ব্যপক প্ৰসাৰৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ সংস্কৃতিৰ প্ৰাণ পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আইদেউ টকীজৰ জন্ম হৈছে। প্ৰকল্প ৫ আইদেউ টকীজৰ অধীনত। স্বকীয় সাংস্কৃতিৰ উপাদানেৰে সমৃদ্ধ ছবি সমূহক আইদেউ টকীজত লোৱা হয়। স্মৰ্তব্য যে আইদেউ টকীজৰ জন্ম মূল উদ্দেশ্য সমূহৰ ভিতৰত কেইটামান উদ্দেশ্য  হ’ল এনে ধৰণৰ- ছবিৰ প্ৰতি সজাগতা বৃদ্ধি কৰা, অসমৰ প্ৰতিটো জাতি জনজাতি ৰ চলচ্চিত্ৰ সংস্কৃতি বিকাশ সাধন কৰা, অসমৰ গাঁৱে ভূঞে থকা সাংস্কৃতিক প্ৰতিভা সমূহ বিচাৰি উলিয়াই চলচ্চিত্ৰৰ জৰিয়তে মঞ্চ প্ৰদান কৰা। উল্লেখযোগ্য যে মাত্ৰ ৫ টকা বিনিযোগ কৰি ছবি প্ৰযোজনাৰ অংশীদাৰ যিকোনো লোকে হ’ব পাৰে।

IMG-20170104-WA0023

আইদেউ টকিজে চলিত মাহৰ ১০ তাৰিখে পুনৰ ভ্ৰাম্য ভাৱে ছবি প্ৰদৰ্শন কৰা আৰম্ভ কৰিব। ইতিমধ্যে আইদেউ টকীজয়ে অনাময় ডট কম আৰু হাবি নামৰ ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। আইদেউ টকীজৰ মহান উদ্দেশ্যে যাতে সফল হয়, আমি জনালোঁ বহুশুভকামনা।

IMG-20170104-WA0022

IMG-20170104-WA0020

2 Comments
  1. আইদেউ টকীজৰ বিষয়ে বিতংকৈ জনোৱাৰ বাবে সুখী হলো। বহুত বহুত ধন্যবাত “এন ফ’কাছ”

  2. আইদেউ টকীজৰ বিষয়ে বিতংকৈ জনোৱাৰ বাবে সুখী হলো। বহুত বহুত ধন্যবাদ “এন ফ’কাছ”

Leave A Reply

Your email address will not be published.