আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ উদ্ভাৱন উৎসৱ

0 312

প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাৰ দৰে এইবাৰো আঞ্চলিক বিজ্ঞানৰ কেন্দ্ৰ গুৱাহাটীয়ে উদ্ভাৱন উৎসৱ আয়োজন কৰিছে।অহা ৯ আৰু ১০ফেব্ৰুৱাৰী অনুষ্ঠিত হ’ব লগা এই উৎসৱটোত উদ্ভাৱনৰ  লগত জৰিত সকলে অংশগ্ৰহণ কৰিব ।ইয়াৰ ভিতৰত কাৰিকৰ, শিল্পৰ লগত জৰিত ব্যক্তি, প্ৰযুক্তিবিদ সকল অন্যতম ।সমগ্ৰ উত্তৰ পূবৰ ৫০গৰাকী উদ্ভাৱকে উৎসৱটোত অংশ ল’ব ।তেওঁলোকৰ নিজ নিজ উদ্ভাৱনৰ সমল সমূহ প্ৰদৰ্শন কৰিব ।শ্ৰেষ্ঠ উদ্ভাৱকক দীননাথ পাণ্ডে স্মৃতিৰক্ষা ন্যাসে স্মাৰ্ট আইডিয়া ইন’ভেচন এৱাৰ্ডৰ লগতে নগদ ১০,০০০টকাৰে পুৰস্কৃত কৰিব।আগ্ৰহী সকলে সবিশেষ জানিবলৈ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ লগত যোগাযোগ কৰিব পাৰিব বুলি সঞ্চালকে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.