আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস

0 119

আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উদ্যোগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়, ধপাঁত বিৰোধী স্কোৱাড, ‘হেল্থ কেয়াৰ প্ৰম’শ্বন এণ্ড মেইণ্টেনেন্স কমিটি’ ৰ সহযোগত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাকক্ষত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই‌ ।
সংক্ৰমণৰ অৱসান : সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময় — এই মূল বিষয়-বস্তুৰে অনুষ্ঠিত কৰা সভাখন উদ্বোধন কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসঙ্গত সকলোকে ঐক্যবদ্ধ হৈ ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে ড্ৰাগছৰ অপব্যৱহাৰে সমগ্ৰ বিশ্বত হাজাৰ হাজাৰ লোকক পঙ্গু কৰি পেলাইছে।‌ সৰু সৰু ল’ৰা-ছোৱালী পৰ্যন্ত ড্ৰাগছৰ কবলত পৰিছে। ইয়াৰ ফলত ড্ৰাগছ আসক্তসকলেই ধ্বংস হোৱা নাই, ফলত এটা পৰিয়াল, এখন সমাজ ধ্বংস হৈছে।‌ যেতিয়া এনে খবৰ পায়, তাৎক্ষণিকভাৱে তেখেতে অভিভাৱকসকলক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায় । অভিভাৱকসকলেও নিজৰ ল’ৰা-ছোৱালীক সুক্ষ্ম নিৰীক্ষণ কৰিলেহে এখন ড্ৰাগছ মুক্ত সমাজ গঠন কৰিব পাৰিব বুলি তেখেতে মন্তব্য কৰে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই, কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি দাস, IQAC ৰ সমন্বয়ক ড০ নমিতা দাস আদিৰ লগতে সমল ব্যক্তি কেবাজনো ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।অনুষ্ঠানত বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ ভয়াবহতাৰ সজাগতা অনাৰ প্ৰয়াস কৰে ।

Leave A Reply

Your email address will not be published.