আমলগা বড়ো মধ্য ইংৰাজী বিদ্যালয়ত চাৰিখন প্ৰাচীৰ পত্ৰিকা উন্মোচন

0 265

শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ চাৰিদুৱাৰ- ১ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ আমলগা বড়ো মধ্য ইংৰাজী বিদ্যালয়ত আজি চাৰিখনকৈ প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰা হয় । এই উপলক্ষ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰশান্ত মেছে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি ক্ৰমে চাৰিদুৱাৰ -১ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সঞ্জিৎ দাস আৰু বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ তত্বাৱধানত আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিজ্ঞান বিষয়ৰ এখন, গণিত বিষয়ৰ এখন, যুৱ আৰু পৰিৱেশ সংঘৰ এখন আৰু কুঁহিপাত শীৰ্ষক এখন সামৰি সৰ্বমুঠ চাৰিখনকৈ আটকধুনীয়া প্ৰাচীৰ পত্ৰিকা শুভ উন্মোচন কৰে । অনুষ্ঠানটোত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, শিক্ষাৰ্থী উপস্থিত থাকে।
বাতৰি যুগুতালে প্ৰাঞ্জলে

Leave A Reply

Your email address will not be published.