আৰক্ষীৰ নৱনিৰ্মিত ভৱন উদ্বোধন

0 274

স্মাৰ্ট থানা, স্মাৰ্ট পুলিচ আৰু গুণগত সেৱা প্ৰদানেৰে অসম আৰক্ষীয়ে জনসাধাৰণৰ সন্মুখত সুকীয়া প্ৰতিচ্ছবি দাঙি ধৰিব লাগিব ।আৰক্ষী থানা সমূহক আস্থা আৰু বিশ্বাসৰ স্থান হিচাপে গঢ়ি তুলিব লাগিব আৰু তেতিয়াহে জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধি পাব।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি বোকাখাত আৰক্ষীৰ নৱনিৰ্মিত এটা ভৱন মুকলি কৰি মুকলি কৰি মুুুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে আৰক্ষী থানাৰ উন্নয়নৰ কাম হাতত লৈছিল ।উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা,আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.