আৰ এছ এছৰ জ্যেষ্ঠ প্ৰচাৰকে লিখা গ্ৰন্থৰ উন্মোচন

0 147

কালি মহানগৰীৰ বৰবাৰীস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্যালয় ‘সুদৰ্শনালয়’ৰ কৰ্মযোগী গৌৰীশংকৰ চক্ৰৱৰ্তী সভাগৃহত অনুষ্ঠীত এক সভাত সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শশীকান্ত চৌথাইৱালেৰ দ্বাৰা ৰচিত মূল হিন্দী গ্ৰন্থ ‘মেৰী প্ৰচাৰক যাত্ৰাৰ অসমীয়া অনুবাদ ‘মোৰ প্ৰচাৰক যাত্ৰা’ৰ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে মাননীয় ক্ষেত্ৰ সংঘচালক ডা০ উমেশ চন্দ্ৰ চক্ৰৱৰ্তী আৰু সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিনী সদস্য ডি ভাগায়া দেৱে।

ভাৰত মাতাৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা সভাত প্ৰথমে গ্ৰন্থৰ লেখক মাননীয় শ্ৰী শশিকান্ত চৌথাইৱালে দেৱে গ্ৰন্থ ৰচনাৰ অনুভৱ ব্যক্ত কৰে। ১৯৬১ চনত অসমলৈ প্ৰচাৰক হিচাপে আহি সংঘৰ প্ৰচাৰক জীৱনৰ সমস্ত ঘটনাৰাজি তেখেতে গ্ৰন্থখনিত লিপিবদ্ধ কৰিছে। অসমত ১৯৪৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম প্ৰকৃততে আৰম্ভ হয়। ১৯৫০ চনৰ পৰা ২০২০ চনলৈ অসমত সংঘৰ কামত কাৰ্যকৰ্তা সকলে সন্মুখীন হোৱা বিধি পথালি, বিভিন্ন সমস্যা, ১৯৬০ চনৰ ভাষা আন্দোলনত পোৱা সমস্যা,১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত হোৱা সমস্যা,তাৰ পিছত মাধ্যম আন্দোলন, অসম আন্দোলন, উগ্ৰবাদীৰ সমস্যৰ বিষয়ে বৰ্ণনা উক্ত গ্ৰন্থত লিপিবদ্ধ কৰা বুলি লেখক শশীজীয়ে ব্যক্ত কৰে।

উন্মোচক ডা০ উমেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে মাননীয় শশীজীৰ অৱদানৰ কথা উল্লেখ কৰে। ডা০ চক্ৰৱৰ্তীয়ে জীৱনৰ ভাবুকিকো নেওঁচি ১৯৬১ চনৰে পৰা শশীজীয়ে সংঘৰ শ্ৰী বৃদ্ধিৰ বাবে কৰা কামৰ প্ৰশংসা কৰে। চক্ৰৱৰ্তীদেৱে উন্মোচনী সভাত সংঘৰ প্ৰতি ঁগিৰিধৰ শৰ্মা, তীৰ্থনাথ শৰ্মা, ঁ ভূমিদেৱ গোস্বামী ইত্যাদি অনেক ব্যক্তিৰ অৱদানৰ কথা উল্লেখ কৰে। শশীজীৰ লগত তেখেতে কৰা সংঘৰ কামৰ উদাহৰণ দি সকলোকে সংঘৰ কামৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰে। সংঘৰ কামত সকলোৱে যোগদান কৰিলেহে শশীজীৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হ’ব বুলি তেখেতে কয়।

অন্য এগৰাকী উন্মোচক ডি ভাগায়াদেৱে উক্ত কিতাপ হিন্দী, মাৰাঠী, বঙালী ভাষাৰ পিছত অসমীয়া ভাষাত প্ৰকাশ পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। উক্ত কিতাপ কিছুদিনৰ ভিতৰতে ইংৰাজী ভাষালৈও অনুবাদ হ’ব বুলি তেখেত জনায়। প্ৰচাৰক জীৱনৰ কাহিনীৰ লগতে গ্ৰন্থখন অসমৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ইতিহাস বুলি তেখেতে কয়।

মঞ্চত অনুবাদক তীৰ্থাংকৰ দাসক চিনাকি কৰি দিয়া হয়।সভাৰ আৰম্ভণিতে প্ৰাচী প্ৰকাশনৰ হৈ ড০ গৌৰাংগ শৰ্মাই দুআষাৰ কয়। শেষত শলাগৰ শৰাই আগবঢ়ায় গুৰু প্ৰসাদ মেধীয়ে।

Leave A Reply

Your email address will not be published.