ইণ্ডিয়া ইন্টাৰনেচনেল প্ৰতিযোগিতাত অসমৰ প্ৰতিযোগী বিজয়ী

0 315

বৰ্তমান সময় সৌন্দৰ্য চৰ্চাই সমগ্ৰ ভাৰতত  এক বিশেষ সমাদৰ লাভ কৰিছে। অলপতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই আই টি সাংস্কৃতিক প্ৰকল্প মাছখোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকণ ৩ শীৰ্ষক প্ৰতিযোগিতাত অসমৰ কিশোৰ কুমাৰ নাথে ইণ্ডিয়া ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন ৱৰ্ল্ড ২০১৯ খিতাপ জয় কৰিব সক্ষম হয়। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবা ঠাইৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে কিশোৰ কুমাৰ নাথে ২০২০ চনত বেংককত অনুষ্ঠিত হ’ব লগা ইন্টাৰনেশ্বনেল প্ৰেজেন্ট ষ্টাৰ আইকণ প্ৰতিযোগিতাত ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰিব। এই উদ্দেশ্যে ১২ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ সহযোগিতা,আশীৰ্বাদ আৰু মৰম বিচৰাৰ লগতে নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.