ইতিহাসৰ পাতত সন্নিবিষ্ট থকা যোদ্ধা মূলাগাভৰুৰ কথাৰে..

0 80

অসমৰ ইতিহাসত বীৰ যোদ্ধা সকলৰ অন্যতম মূলা গাভৰু। যিগৰাকী বীৰাংগনাই স্বদেশ আৰু স্বজাতি বাবে প্ৰাণ ত্যাগ কৰিব লগা হৈছিল।সেয়া আছিল ১৪ খ্ৰীষ্টাব্দৰ সময়ৰ কথা।মূলা গাভৰুৰ স্বামীৰ আছিল আহোমৰ স্বৰ্গদেউ। তেখেতৰ নাম আছিল চুহুংমুং।
তেখেতৰ ৰাজত্ব সময়ত অসমত মুছলমানসকলে কেইবাবাৰো আক্ৰমণ কৰিছিল।এসময়ত অসমত মোগলে আক্ৰমণ হৈছিল আৰু মোগলৰ আক্ৰমণৰ কথা তেওঁ স্বামীয়ে আহি যেতিয়া মূলা গাভৰুক কৈছিল ।তেওঁ কৈছিল— “কি কাজ প্ৰাণত নালাগে? অসমৰ আকাশ ঘোৰ মেঘাচ্ছন্ন । যোৱা স্বামী যুঁজ দিয়া আৰু শত্ৰু সৈন্যক খেদি অসমৰ স্বাধীনতা অক্ষয় ৰাখা।মূলা গাভৰু এই কথাত তেওঁ সাহস পাই কৈছিল -তোমাৰ দৰে পত্নী যাৰ জীৱনত থাকে তেওঁৰ জীৱনত কোনো ধৰণৰ ভয় নাই , চিন্তা নাই। তুমি আজি মোক যি সাহস দিছা তাৰ ফলত তোমাৰ নাম যুগ-যুগান্তৰলৈ থাকিব। মৃত্যু আৰু জীৱনতকৈ বহু ডাঙৰ স্বাধীনতা আৰু দেশপ্ৰেম।
যুদ্ধক্ষেত্ৰলৈ যাওতে আত্মৰক্ষাৰ বাবে কৱচ কাপোৰ দিয়া এটা নিয়ম আছিল। কিন্তু সেই সময়ত মূলা গাভৰুৱে কৱচ কাপোৰ দিব পৰা নাছিল।মূলা গাভৰুৰ স্বামী যেতিয়া যুদ্ধলৈ গৈছিল তাৰ সাত দিনৰ পিছতহে গম পাইছিল তেওঁ স্বামী আৰু এই জগতত নাই।সেয়েহে স্বামী হত্যাৰ প্ৰতিশোধ ল`বলৈ তেওঁ লগত
জয়ন্তী, পমিলা, আৰু ললিতাক লৈ যুদ্ধ ক্ষেত্ৰলৈ আগুৱাইছিল। চাৰিদিন একেৰাহে যুদ্ধ কৰি মূলাই হাতত হেংদান লৈ বহু শত্ৰু সৈন্যক হত্যা কৰিলে। চতুৰ্থ দিনা তেওঁ স্বামী হত্যাকাৰী মুছলমান সেনাপতি তুৰ্বক খানৰ সৈতে যুদ্ধ কৰিছিল। দুয়োৰে মাজত তয়া ময়া ৰণ লাগি আছিল।কিন্তু সেই সময়তে তুৰ্বকৰ এজন পাঠান যোদ্ধাই অলক্ষিতে আহি মূলাৰ বুকুত শেল মাৰিলে। মূলা ঢলি পৰিল, যুদ্ধক্ষেত্ৰ তেজে তুমৰলি হ’ল। সেয়া আছিল ১৫৩২ চনৰ কথা।
অৱশ্যে পৰৱৰ্তী সময়ত কনচেং বৰপাত্ৰগোঁহাইয়ে তুৰ্বক খানক হত্যা কৰে। মূলা গাভৰুৰ পতি প্ৰেম, দেশপ্ৰেম নাৰী সমাজৰ বাবে উদাহৰণ।এইগৰাকী সাহসী ৰমণী মূলা গাভৰুৰ স্মৃতিত পূৰ্বতে অসমৰ ৰাইজে প্ৰতি বছৰে ২৯ মে’ তাৰিখে মূলগাভৰু দিৱস পালন কৰি আহিছিল যদিও পৰৱৰ্তী সময়ত টাই আহোম গৱেষক-পণ্ডিতসকলে ৩০ এপ্ৰিলত মূলা গাভৰু স্মৃতি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ২০০৪ চনৰপৰা ৩০ এপ্ৰিলত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস অনুষ্ঠিত কৰা হৈছে।এইগৰাকী সাহসী ৰমণী কথা বুৰঞ্জীৰ পাতত সদায় জিলিকি থাকিব।

Leave A Reply

Your email address will not be published.