উত্তৰ প্ৰদেশৰ মথুৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীৰ আয়োজন- সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰে উজলিব পবিত্ৰ বৃন্দাবন

0 172

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত পৰিবেশিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম কৃষ্টি সংস্কৃতি। নামকীৰ্ত্তন, গায়ন বায়ন আৰু সত্ৰীয়া নৃত্যৰ সমাহাৰে উজ্বলি উঠিব বৃন্দাবন । আচলতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে অহা ১৫ আৰু ১৬ অক্টোবৰত শ্ৰীকৃষ্ণ ধাম বৃন্দাবনত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে “সূত্ৰধাৰ” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ভাৰতৰ ভিন্ন প্ৰান্তৰ সাধু, সন্ত, গৱেষক, পণ্ডিত সকলৰ সমাগমেৰে অনুষ্ঠিত হ’বলগীয়া এই “সূত্ৰধাৰ” শীৰ্ষক কাৰ্যসূচীত নাম-কীৰ্ত্তন, খোল-প্রসংগ, বৰগীত, সত্রীয়া নৃত্য, দিহানাম, অংকীয়া ভাওনা আদি গুৰুজনাৰ সৃষ্ট নানা প্ৰকাৰৰ অনুপম সাংস্কৃতিক শৈলী পৰিবেশিত হ’ব । কাৰ্যসূচী অনুসৰি ১৫ অক্টোবৰৰ পুৱা গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ দ্বাৰা নাম-কীৰ্ত্তন পৰিবেশনৰ অন্তত বটদ্ৰৱাৰ মৌলিক শিল্প ৰামধেমালি আৰু গোসাঁনী প্ৰবেশৰ নাচ বটদ্ৰৱাৰ উদীয়মান শিল্পী সকলে প্ৰদৰ্শন কৰিব । ইতিমধ্যে উক্ত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী সমূহত অংশ গ্ৰহণৰ বাবে কালি নিশা ভকত-বৈষ্ণৱ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যৰ শিল্পীসকল বৃন্দাবনলৈ ৰাওনা হৈছে ৷ গুৰুজনাৰ কৰ্ম, চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপনৰ মহান লক্ষ্যৰে আয়োজিত “সূত্ৰধাৰ” শীৰ্ষক এই সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে বটদ্ৰৱাৰ সাংবাদিক, শিল্পী দিব্যজ্যোতি বৰুৱাৰ ব্যৱস্থাপনাত নাম-কীৰ্ত্তনৰ বাবে যোগেন নামলগোৱা, বাবুল গায়ন, কেশৱ বৰা, হংস বৰা, লক্ষ্য জ্যোতি বৰুৱা, নন্দেশ্বৰ হাজৰিকা, ৰঞ্জিত দেউৰীকে আদি কৰি দহ গৰাকী ভকত, অম্লান জ্যোতি দেৱ গোস্বামী, উজ্বল জ্যোতি দেৱ গোস্বামী, কুণ্ডল কুমাৰ বৰাৰ সৈতে দহ জন গায়ন-বায়ন আৰু বৰদোৱা শৈলীৰ সত্ৰীয়া নৃত্য(গোঁসানী প্ৰবেশৰ নাচ)ৰ বাবে তৃতীষা ভৰালী আৰু অৰ্পনা কলিতাসহ সাংস্কৃতিক দলটিয়ে ইতিমধ্যে যাত্ৰা কৰিছে ৷ ইফালে, বটদ্ৰৱাৰ উপৰিও বৰপেটা, শিৱসাগৰ, গুৱাহাটী, দৰং, যোৰহাট, ডিব্ৰুগড়, কামৰূপ, লক্ষিমপুৰৰ ভকত-বৈষ্ণৱ, শিল্পী, কলা-কুশলী, গৱেষক পণ্ডিতৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হবলগীয়া সূত্ৰধাৰৰ কাৰ্যসূচীত গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ উপৰিও ওজাপালি, হোলিগীত, হোলি নৃত্য, ভোৰতাল নৃত্য, হুচৰি কীৰ্তনৰ উপৰিও দুটা দিনত দুখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.