পেছাত সাংবাদিক হ`লেও জীৱ-জন্তু, প্ৰকৃতিৰ প্ৰতি থকা মৰমৰ বাবে স্থানীয়ৰ লগতে উন্নত জাতৰ ছাগলী পালনৰে এক বিৰল নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ বিক্ৰমপুৰৰ বাসিন্দা আৰু উদীয়মান সাংবাদিক জোন ৰাভাই । গুৱাহাটীৰ এটা জনপ্ৰিয় টেলিভিছন চেনেলৰ সাংবাদিক জোন ৰাভাই সৰুৰে পৰা জীৱ জন্তু আৰু প্ৰকৃতিৰ প্ৰতি থকা মৰমৰ বাবে নিজ গৃহ চৌহদত বিভিন্ন প্ৰজাতিৰ নেমু , অমিতা , আদি প্ৰতি ৰোপন কৰাৰ লগতে নানা তৰহৰ ফুল আৰু আম , লিচু কঁঠালকে ধৰি ফলাহাৰী গছ ৰোপন কৰি আহিছে । এই সন্দৰ্ভত সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে সাংবাদিকতাৰ সূত্ৰে তেওঁ প্ৰায়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ আজাৰাৰ কাহিকুছিত থকা কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাবলগীয়া হয় । তাত বৈজ্ঞানিক পদ্ধতিৰে কৰা বিভিন্ন কৃষি – কৰ্ম , পশুপালন কৰা দেখি নিজৰ ঘৰতো তেনেকৈ অলপ কৃষি কৰ্ম আৰু বেলেগ নহ`লেও উন্নত জাতৰ ছাগলী পালনৰে ঘৰখনক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে মনত এক আশা পুহি ৰাখিছিল । তেওঁ নিজৰ মনৰ কথা এদিন কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী আৰু ৰাজ্যৰ এজন বিশিষ্ট কৃষি বিজ্ঞানী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাক অৱগত কৰিছিল । তেওঁৰ আগ্ৰহ দেখি ডঃ কলিতাই দুবছৰ পূৰ্বেই তেওঁক উন্নত প্ৰজাতিৰ নেমু , অমিতাৰ পুলি যোগান ধৰি নিজৰ ঘৰৰ চৌহদত ৰোপন কৰিবলৈ পৰামৰ্শ দিয়ে । যোৱা বছৰৰ পৰা সেই অমিতা খোৱাৰ লগতে সম্প্রতি নেমু টেঙায়ো খাব পৰা হৈছে । আনহাতে কেন্দ্ৰৰ পশু চিকিৎসা বিভাগৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকাৰ দিহা – পৰামৰ্শ অনুসৰি বিগত ২০২০ বর্ষৰ লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে উন্নত জাতৰ ” বিটল ” জাতৰ ছাগলী পোহাৰ কাম তেওঁ আৰম্ভ কৰে। লকডাউনৰ মাজতে ৰাণীৰ এজন লোকৰ পৰা প্ৰায় ৯ হাজাৰ টকাৰে এটা মতা আৰু দুটা মাইকীসহ মুঠ তিনিটা “বিটল” জাতৰ ছাগলী পালনৰ কাম আৰম্ভ কৰে । পূৰ্বে ঘৰত থকা স্থানীয় জাতৰ ছাগলীৰ সৈতে ক্ৰছ কৰাৰ ফলত বিটলৰ চাৰিটা পোৱালী জন্ম হৈছে । তেনেদৰে স্থানীয় জাতৰ ছাগলীক বিজ্ঞান সন্মতভাবে পালন কৰাৰ ফলত স্থানীয় জাতৰ ছয়টা পোৱালী জন্ম হৈছে । আনহাতে কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকাৰ তৎপৰতাত যোৱা ৫ আৰু ৬ ফেব্ৰুৱাৰীত কেন্দ্ৰ চৌহদ আৰু বৰ্ণিহাটৰ ছাগলী গৱেষণা কেন্দ্ৰত অনুষ্ঠিত দুদিনীয়া এক প্ৰশিক্ষণ শিবিৰতো ভাগ লয় । শিবিৰত তেওঁকে ধৰি কামৰূপ জিলাৰ ২০ জন প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছিল । শিবিৰত কম খৰচত , কম মূলধনত , কম ঠাইত , কম সময়ত বিজ্ঞানসন্মত ভাবে ছাগলী পালন কৰি অধিক মাংস উৎপাদনৰে কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হ`ব পাৰি তাৰ বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল । প্ৰশিক্ষণত শিকি অহা বৈজ্ঞানিক পদ্ধতিৰে অধিক মাংস উৎপাদনৰ বাবে সম্প্ৰতি ছাগলী কেইটাক বুট , চাপৰ , বন্ধা কবিৰ পাত , বিভিন্ন গছৰ পাত , ঘাঁহ , ৱাৰেছ চৰ্বত , আদি খুৱাই থকা হৈছে । ছাগলী কেইটাক নিৰোগী কৰি ৰাখিবৰ বাবে চাং ঘৰত ৰখা হৈছে । সকলো ঠিকে ঠাকে থাকিলে অহা তিনি – চাৰি মাহ পাছত ছাগলী কেইটাক মাংসৰ বাবে বজাৰত বিক্ৰী কৰিব পৰা যাব । অৱশ্যে এইক্ষেত্ৰত পত্নী , জীয়ৰীকে ধৰি পৰিয়ালৰ সদস্য সকলেও সহযোগ কৰা বাবে আটাইকেইটা ছাগলী পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছে বুলি জোন ৰাভাই ব্যক্ত কৰিছে ।
Trending
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন