পেছাত সাংবাদিক হ`লেও জীৱ-জন্তু, প্ৰকৃতিৰ প্ৰতি থকা মৰমৰ বাবে স্থানীয়ৰ লগতে উন্নত জাতৰ ছাগলী পালনৰে এক বিৰল নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ বিক্ৰমপুৰৰ বাসিন্দা আৰু উদীয়মান সাংবাদিক জোন ৰাভাই । গুৱাহাটীৰ এটা জনপ্ৰিয় টেলিভিছন চেনেলৰ সাংবাদিক জোন ৰাভাই সৰুৰে পৰা জীৱ জন্তু আৰু প্ৰকৃতিৰ প্ৰতি থকা মৰমৰ বাবে নিজ গৃহ চৌহদত বিভিন্ন প্ৰজাতিৰ নেমু , অমিতা , আদি প্ৰতি ৰোপন কৰাৰ লগতে নানা তৰহৰ ফুল আৰু আম , লিচু কঁঠালকে ধৰি ফলাহাৰী গছ ৰোপন কৰি আহিছে । এই সন্দৰ্ভত সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে সাংবাদিকতাৰ সূত্ৰে তেওঁ প্ৰায়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ আজাৰাৰ কাহিকুছিত থকা কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাবলগীয়া হয় । তাত বৈজ্ঞানিক পদ্ধতিৰে কৰা বিভিন্ন কৃষি – কৰ্ম , পশুপালন কৰা দেখি নিজৰ ঘৰতো তেনেকৈ অলপ কৃষি কৰ্ম আৰু বেলেগ নহ`লেও উন্নত জাতৰ ছাগলী পালনৰে ঘৰখনক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে মনত এক আশা পুহি ৰাখিছিল । তেওঁ নিজৰ মনৰ কথা এদিন কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী আৰু ৰাজ্যৰ এজন বিশিষ্ট কৃষি বিজ্ঞানী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাক অৱগত কৰিছিল । তেওঁৰ আগ্ৰহ দেখি ডঃ কলিতাই দুবছৰ পূৰ্বেই তেওঁক উন্নত প্ৰজাতিৰ নেমু , অমিতাৰ পুলি যোগান ধৰি নিজৰ ঘৰৰ চৌহদত ৰোপন কৰিবলৈ পৰামৰ্শ দিয়ে । যোৱা বছৰৰ পৰা সেই অমিতা খোৱাৰ লগতে সম্প্রতি নেমু টেঙায়ো খাব পৰা হৈছে । আনহাতে কেন্দ্ৰৰ পশু চিকিৎসা বিভাগৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকাৰ দিহা – পৰামৰ্শ অনুসৰি বিগত ২০২০ বর্ষৰ লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে উন্নত জাতৰ ” বিটল ” জাতৰ ছাগলী পোহাৰ কাম তেওঁ আৰম্ভ কৰে। লকডাউনৰ মাজতে ৰাণীৰ এজন লোকৰ পৰা প্ৰায় ৯ হাজাৰ টকাৰে এটা মতা আৰু দুটা মাইকীসহ মুঠ তিনিটা “বিটল” জাতৰ ছাগলী পালনৰ কাম আৰম্ভ কৰে । পূৰ্বে ঘৰত থকা স্থানীয় জাতৰ ছাগলীৰ সৈতে ক্ৰছ কৰাৰ ফলত বিটলৰ চাৰিটা পোৱালী জন্ম হৈছে । তেনেদৰে স্থানীয় জাতৰ ছাগলীক বিজ্ঞান সন্মতভাবে পালন কৰাৰ ফলত স্থানীয় জাতৰ ছয়টা পোৱালী জন্ম হৈছে । আনহাতে কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকাৰ তৎপৰতাত যোৱা ৫ আৰু ৬ ফেব্ৰুৱাৰীত কেন্দ্ৰ চৌহদ আৰু বৰ্ণিহাটৰ ছাগলী গৱেষণা কেন্দ্ৰত অনুষ্ঠিত দুদিনীয়া এক প্ৰশিক্ষণ শিবিৰতো ভাগ লয় । শিবিৰত তেওঁকে ধৰি কামৰূপ জিলাৰ ২০ জন প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছিল । শিবিৰত কম খৰচত , কম মূলধনত , কম ঠাইত , কম সময়ত বিজ্ঞানসন্মত ভাবে ছাগলী পালন কৰি অধিক মাংস উৎপাদনৰে কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হ`ব পাৰি তাৰ বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল । প্ৰশিক্ষণত শিকি অহা বৈজ্ঞানিক পদ্ধতিৰে অধিক মাংস উৎপাদনৰ বাবে সম্প্ৰতি ছাগলী কেইটাক বুট , চাপৰ , বন্ধা কবিৰ পাত , বিভিন্ন গছৰ পাত , ঘাঁহ , ৱাৰেছ চৰ্বত , আদি খুৱাই থকা হৈছে । ছাগলী কেইটাক নিৰোগী কৰি ৰাখিবৰ বাবে চাং ঘৰত ৰখা হৈছে । সকলো ঠিকে ঠাকে থাকিলে অহা তিনি – চাৰি মাহ পাছত ছাগলী কেইটাক মাংসৰ বাবে বজাৰত বিক্ৰী কৰিব পৰা যাব । অৱশ্যে এইক্ষেত্ৰত পত্নী , জীয়ৰীকে ধৰি পৰিয়ালৰ সদস্য সকলেও সহযোগ কৰা বাবে আটাইকেইটা ছাগলী পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছে বুলি জোন ৰাভাই ব্যক্ত কৰিছে ।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem