অসম সাহিত্য সভাত থুপ খাই আছে অসমৰ ভাষা, সংস্কৃতি তথা সাহিত্যৰ ১০০ বছৰীয়া সোণালী ইতিহাস। জাতি-ধৰ্ম নিৰ্বিশেষে ১৯১৭ চনতে গঢ়ি উঠা অসম সাহিত্য সভা অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান। ভাষাক সমৃদ্ধি তথা ৰক্ষা কৰিবলৈ হ’লে আমি প্ৰাচীন যুগৰ শিক্ষা পৰম্পৰাৰ প্ৰতি আমাৰ নৱ প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব। মাতৃ ভাষা হেৰাই গ’লে পৃথিৱীৰ পৰা মা শব্দটোও হেৰাই যাব। পলাশবাৰীৰ উপৰহালীস্থিত স্বৰ্গীয় হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত আজি উপৰহালী প্ৰগতি সাহিত্য সভাৰ ৪৬ তম্ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে। লগতে তেখেতে কয় যে অসমীয়া ভাষা কোৱা বা লিখা তথা জ্ঞান আহৰণৰ পৰা কেতিয়াও বঞ্চিত হ’ব নালাগিব। আমাৰ মাতৃভাষাই আমাৰ শিপাৰ সৈতে অবিচ্ছিন্ন কৰি ৰাখিছে। যি সাহিত্য বিষয় বস্তুত জ্ঞান আৰু সমাজ জীৱনৰ উৎকৰ্ষ সাধনৰ বাৰ্তা নাথাকে সেই সাহিত্যক সুষম সাহিত্য বুলি ক’ব নোৱাৰি বুলি উপ-সভাপতি মৃনালিনী দেৱীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে। ইয়াৰ পিছতে আদৰণী ভাষণ পাঠ কৰে সমাজকৰ্মী নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। অনুষ্ঠানত উপৰহালীৰ বেণ্ডপাৰ্টি শিল্পী সত্যবান তালুকদাৰ, বাঁহীবাদক ধীৰেণ ঠাকুৰীয়া, জ্যোতিষী কুশল চন্দ্ৰ শৰ্মা, বিশেষ দাতা ৰাজীৱ তালুকদাৰ, চৈতালী নামৰ পাঠক হৰেণ দাস, ঘোষানামৰ পাঠক কালিকান্ত ঠাকুৰীয়া আৰু দখলাৰ শিল্পী হৰেন দাসক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই। সভাত উপৰহালী প্ৰগতি সাহিত্য সভাৰ ৪৬ তম্ অধিবেশনৰ মুখপত্ৰ ‘প্ৰভাতী’ উন্মোচন কৰে সাহিত্যিক তথা অ-বিভক্ত কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেণ শৰ্মাই। সভাত উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ তালুকদাৰ, কামৰূপ জিলা নৱ-নিৰ্বাচিত সভাপতি নৃপেন কুমাৰ তালুকদাৰ, কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক যোগেশ কুমাৰ কলিতা, উপৰহালী প্ৰগতি সাহিত্য সভাৰ উপ-সভাপতি ফণীধৰ তালুকদাৰৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত সাংসদ ভূৱনেশ্বৰ কলিতা উপস্থিত থাকি কয় যে আমাৰ সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত এটি সাহিত্যৰ অনুষ্ঠান থাকে। ক’ভিড মহামাৰীৰ সময়ছোৱাত দুটা বছৰ অভিশাপ হৈছে যদিও এটা দিশত একাংশ জনসাধাৰণে শস্য উৎপাদন কৰিলে আৰু আন একাংশই লিখা মেলাত মনোনিবেশ কৰিছে। সেই সময়ছোৱাৰ পিছতে বিভিন্ন লেখক লেখিকাৰ বিভিন্ন গ্ৰন্থ, কাব্যপুথি প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ জৰিয়তে ভাষাক চহকী কৰাৰ উপৰিও সমাজখনকো চহকী কৰিছে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ জিলাৰ অসমীয়া বিভাগৰ অধ্যাপিকা যমুনা মালীৰ ‘দক্ষিণ কামৰূপৰ বিবাহ গীত আৰু ইয়াৰ বিচাৰ বিশ্লেষণ’, ফণীধৰ তালুকদাৰ গল্প পুথি ‘এক বিষন্ন সন্ধিয়া’, যোগেন্দ্ৰ কুমাৰৰ গ্ৰন্থ ‘বহুৰঙী পুষ্পমালা’, যোগেশ কুমাৰ কলিতাৰ কাব্যপুথি ‘গুৰু দৰ্শন’ আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে। সভাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলৰদ্বাৰা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন কৰা হয়। বাতৰি যুগুতালে জিতুমনি দাসে।
Trending
- বিশ্বৰ সামুদ্ৰিক খণ্ডৰ আগশাৰীৰ নেতাসকলৰ সৈতে যোগদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- সমাগত আই পি এল চিজ’নৰ আগতেই এয়াৰটেলে বৰ্ষাপাৰা ষ্টেডিয়ামত এয়াৰটেলৰ নেটৱৰ্ক শ্ৰীবৃদ্ধি কৰে
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অসম-মেঘালয় সীমান্ত আম্প্ৰীভেলীত বিশেষ শিবিৰ
- সপোন যেন লগা বৰষুণে পশ্চিম গুৱাহাটীৰ কৃষকৰ মুখলৈ আনিছে হাঁহি -বৰো ধানৰ খেতি কৰা কৃষকলৈ সকাহ
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত
- Farmers’ Mobilization & Awareness Programme organised by NECTAR under PM-DevINE Scheme in Nihoto Village, Nagaland.
- বটদ্রৱাৰ দৌল মহোৎসৱ – দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে গোঁসাইক লৈ দৌললৈ যাত্রা
- The National Institute of Technology hosted a three five-day program sponsored by MSME
- নুমলীগড় শোধনাগাৰৰ সৈতে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)