উড়ান আঁচনিৰ অধীনত অসমৰ ২৪টা আকাশী পথ সংযোগ হৈছে

0 291

কেন্দ্ৰীয় চৰকাৰ উড়ান আঁচনিৰ অধীনত আঞ্চলিক  অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেশীয় বিমান সেৱাত নতুনকৈ ৭৮ টা আকাশী পথ ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত অসমত ২৪ টা আকাশী পথে ৰাজ্যৰ সৰু বৰ চহৰক চুব যাব৷
 
 
 
এই বিমান সমূহক টেক্সি বিমান নামেৰে জনা যায়৷ অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ আকাশী পথেৰে উৰা টেক্সি বিমানত ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকে কম ব্যয়ত চলাচল কৰিব পাৰিব ৷
 
 
অসামৰিক বিমান মন্ত্ৰালয়ে সদৰী কৰা মতে উড়ান বিমান সমূহৰ ৫০ শতাংশ টিকট ৰেহাই মূল্যত দিয়া হব ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ভায়েবিলিটী গেপ ফাণ্ডিঙৰ জৰিয়তে এই ক্ষেত্ৰত পৰিবহণ সংস্থাক ক্ষতিপূৰণ দিব ৷ নতুন আকাশী পথৰ ভিতৰত থকা কেইখনমান ঠাই হৈছে গুৱাহাটী, তেজপুৰ , গেলেকী , যোৰহাট আদি৷
 
 
 
গুৱাহাটী পাছিঘাটৰ লগতে উত্তৰ পুৰ্বাঞ্চলৰ জম্মু কাশ্মীৰ, লাডাখ এই সকলো ঠাইত সংযোগ কৰা হ’ব বুলি জনায় ৷ এই পৰ্যন্ত উড়ানৰ ২৭৪ টা আকাশী পথৰ ঘোষণা কৰা হৈছে ৷ এই বিমান সমূহ ৪৫ টা বিমান বন্দৰত চলিব ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় যুটীয়া সচিব ঊষা পাধিয়ে কয় উড়ানৰ আৰ চি এছৰ চতুৰ্থ পৰ্যায়ৰ নতুন আকাশী পথ চিনাক্ত কৰা সময়ত কেন্দ্ৰীয় চৰকাৰ এক্ট ইষ্ট পলিচিক গুৰুত্ব সহকাৰে লোৱা হ’ব ৷ এয়াৰপৰ্ট অথৰিটীয়ে যি সমূহ বিমান বন্দৰ আন্তঃগাঁথনি উন্নত কৰিছে সেই সমূহ বিমান বন্দৰ উড়ানৰ বাবে চিনাক্ত কৰা হ’ব৷

Leave A Reply

Your email address will not be published.