এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত

0 31

ভাৰতবৰ্ষৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেঙ্ক, ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি ই-গভৰ্নেন্সে প্ৰকল্প নমন সম্প্রসাৰণৰ লক্ষৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে–ভাৰতীয় সেনাবাহিনীৰ ২৬ টা সঞ্চালকালয়ৰ (ডি আই এ ভি) স্থানলৈ ভেটাৰ্ন্স সকলক শ্ৰদ্ধাঞ্জলিৰ বাবে। প্ৰকল্প নমন সেনাবাহিনীৰ প্ৰাক্তন সৈনিকসকল, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু নিকটতম আত্নীয় সকলক সমৰ্থন আৰু সেৱা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
সেনাবাহিনীৰ ভেটাৰ্ন্স অথবা তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু নিকটাত্মীয়ৰ দ্বাৰা পৰিচালিত এই চি এচ চি কেন্দ্রবোৰ পেঞ্চন সম্পৰ্কীয় সেৱা, নাগৰিকলৈ চৰকাৰ (জি২চি) সেৱা আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ ভিতৰত তেওঁলোকক সহজেই উপভোক্তা (বি২চি) সেৱা আগবঢ়োৱাৰ বাবে সমৰ্পিত।এইচ ডি এফ চি বেঙ্ক লিমিটেড (পৰিবৰ্তন কাৰ্য্যসূচীৰ অধীনত) ভাৰতীয় সেনাবাহিনীৰ ভেটাৰ্ন্স সঞ্চালকালয়(ডি আই এ বি) আৰু চি এচ চি একাডেমীৰ মাজত এক ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি নৱীকৰণ কৰা হৈছিল।
এই বুজাবুজিৰ চুক্তিখন শ্রীসত্যেন মোডীৰ দ্বাৰা স্বাক্ষৰিত হৈছিল। এইচ ডি এফ চি বেঙ্কৰ গ্ৰুপহেড শ্রীস্মিতা ভগতৰ উপস্থিতিত ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন বিষয়া শ্রীপ্ৰবীণ চান্দেকাৰ, বৈকল্পিক বেঙ্কিঙ চেনেল আৰু অংশীদাৰীত্বৰ কাৰ্য্যবাহী সঞ্চালক তথা ব্যবসায়ীক মূৰব্বী,এইচ ডি এফ চি একাডেমী, লেফটেনেন্ট জেনেৰেল, জি জি (ডি চি এণ্ড ডব্লিউ) ভাৰতীয় সেনাবাহিনীৰ পৰা ভাৰতীয় সেনাৰ সন্মানিত বিষয়া শ্রীপ্ৰবীণ চান্দেকাৰ, চি এচ চি একাডেমীৰ অধ্যক্ষ শ্রী সঞ্জয় ৰাকেশ আৰু ভাৰতীয় সেনাবাহিনীৰ সন্মানিত বিষয়া তথা এইচ ডি এফ চি বেঙ্কৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
দ্বিতীয় পৰ্যায়ত প্ৰকল্পটো ৰাজস্থান, পশ্চিমবঙ্গ, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, পাঞ্জাব, জম্মু আৰু কাশ্মীৰ, মেঘালয়, বিহাৰ, উৰিষ্যা তথা নতুন দিল্লীৰ ২৬ টা ডি আই এ ভি স্থানলৈ সম্প্ৰসাৰণ কৰা হ’ব।প্ৰকল্পটোৰ প্রথম পৰ্যায়টো ২০২৪ চনৰ ছেপ্টেম্বৰত ১৪ টা ডি আই এ ভি স্থানত উমৈহতীয়া সেৱা কেন্দ্র (চি এচ চি) স্থাপনৰ সৈতে ফ্লেগঅফ কৰা হৈছিল।
এইচ ডি এফ চি বেঙ্কে পৰিবৰ্তন কাৰ্য্যসূচীৰ অধীনত প্ৰতিৰক্ষা সেৱাৰ প্ৰাক্তন বিষয়া আৰু তেওঁলোকৰ নিকটাত্মীয়, পৰিয়ালবৰ্গৰ বাবে অৰ্থনৈতিক সামগ্রিকতা গঢ়ি তোলাত সহায়তা প্রদান কৰে। ১৪ টা ডি আই এ ভি স্থানৰ লেখিয়া নতুন কেন্দ্রবোৰে বিত্তীয় সামগ্রী আৰু সেৱাৰ দক্ষতা বিকাশ তথা প্ৰশিক্ষণ প্ৰদান কৰিব, প্ৰাক্তন বিষয়া সকল আৰু তেওঁলোকৰ নিকটাত্মীয়ক আৰ্থিকভাৱে স্বতন্ত্র হোৱাত সহায়তা কৰিব। চি এচ চি পৰিচালনা কৰা ব্যক্তিসকলক প্ৰাৰম্ভিক ১২ মাহৰ বাবে মাহিলী আৰ্থিকভাৱে অনুদান প্রদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.