এইবাৰ নিৰ্বাচনৰ দিনা মজুৰিযুক্ত বন্ধ ঘোষণা

0 447

২৭ মাৰ্চ,১ এপ্ৰিল,৬ এপ্ৰিলত মজুৰিযুক্ত বন্ধ ঘোষণা।নিৰ্বাচনৰ ভোট গ্ৰহণৰ ৩ টা দিনত ঘোষণা এই বন্ধ।কাৰখানা, বাগিচা,ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰযোজ্য হ’ব বন্ধ।ৰাজহুৱা মনোৰঞ্জন স্থান,ঠিকাদাৰৰ প্ৰতিষ্ঠানতো হ’ব বন্ধ।ফাৰ্ম জাতীয় উদ্যোগ, কৰ্মশালা, বেংকতো প্ৰযোজ্য হ’ব বন্ধ। ৰাজ্য চৰকাৰে কৰিছে এই মজুৰিযুক্ত বন্ধ।
উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা জাৰি কৰিছে।ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব ভোটাৰে।ভোটাৰ কাৰ্ডসহ ১১ বিধ নথিৰ অনুমোদন নিৰ্বাচন আয়োগৰ।আধাৰ কাৰ্ড,জব কাৰ্ড,বেংক-ডাকঘৰৰ ফটোযুক্ত পাছবুক,হেলথ ইঞ্চুৰেন্স, স্মাৰ্ট কাৰ্ড,ড্ৰাইভিং নাইচেন্স,পেন কাৰ্ড পাছপ’ট,মহাপঞ্জীয়কে দিয়া স্মাৰ্ট কাৰ্ড,পেঞ্চনৰ নথি,ৰাজহুৱা বা ব্যক্তিগত কোম্পানীৰ ফটোযুক্ত পৰিচয়পত্ৰ,কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ চাকৰিয়াল ফটোযুক্ত পৰিচয় পত্ৰ থাকিলে ভোটদান কৰিব পাৰিব।
আনহাতে সংবাদকৰ্মী সকললৈ পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা কথা ঘোষণা কৰিছে। লগতে জৰুৰীকালীন সেৱাৰে জড়িত ব্যক্তি,বিদ্যুৎ বিভাগ , BSNL, ৰেল স্বাস্থ্যকৰ্মী,বিমান পৰিবহন,ASTC কৰ্মচাৰী, যান-বাহন আৰক্ষী,এম্বুলেন্সৰ কৰ্মচাৰীলৈ প্ৰদান কৰিছে এই সুবিধা।উল্লেখযোগ্য যে নডেল বিষায়াই এই সুবিধা বিষয়ে অৱগত কৰাব সংশ্লিষ্ট বিভাগক।

Leave A Reply

Your email address will not be published.