এক সাংগিতিক চিত্ৰ মুকলি

0 265

IMG-20170522-WA0030

বিশ্ববাসীৰ সন্মুখত আমি গৌৰৱবোধ কৰিব পৰা অন্যতম সম্পদ হ’ল কাজিৰঙা আৰু যাদৱ পায়েং। আজি কাজিৰঙা কি যিদৰে কোৱাৰ প্ৰয়োজনীয়তা নাই, ঠিক সেইদৰে যাদৱ পায়েং কোন তেওঁ, কি কৰি আছে সেই বিষয়ে নজনা মানুহ নাই!

IMG-20170522-WA0028

হয়, আজি জনাব বিচাৰিছো এটা সুখবৰ। কাজিৰঙা আৰু যাদৱ পায়েঙক লৈ প্ৰস্তুত হৈছে এক সাংগিতিক চিত্ৰ। এই চিত্ৰখনৰ আঁৰৰ ব্যক্তিজন হৈছে দিব্যজ্যোতি নাথ। বৰ্ত্তমান দিব্যজ্যোতি নাথ মুম্বাইত Freelance ৰ হিচাপে কৰ্মৰত। “কাজিৰঙা” শীৰ্ষক সাংগিতিক চিত্ৰখন আজি জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে উন্মোচন কৰি দিব্যজ্যোতি নাথে কয় যে ইয়াৰ জৰিয়তে অৰণ্য মানৱ যাদৱ পায়েঙৰ কৰ্মৰাজিক শ্ৰদ্ধা নিবেদন কৰা হৈছে। সৰুৰে পৰা প্ৰকৃতি ভালপোৱা তাড়নাতে এনেদৰে এক প্ৰয়াস কৰা হৈছে বুলি সদৰী কৰে।

IMG-20170522-WA0026

চাৰে ৫ মিনিটৰ সাংগিতিক চিত্ৰখনত কাজিৰঙা আৰু যাদৱ পায়েঙৰ কৰ্ম প্ৰতিফলিত হৈছে। International Bio Diversity Day ৰ লগত সংগতি ৰাখি আজি চিত্ৰখন মুকলি কৰা  হৈছে বুলি জানিব পৰা গৈছে। আজিৰ অনুষ্ঠানটোত বহুকেইজন কলা সংস্কৃতি জগতৰ  বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.