এন আৰ এলৰ স্বচ্ছতা পষেক উদযাপন

0 231

সমাজক স্বচ্ছতাৰ সম্বন্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এন আৰ এলে যোৱা ১ জুলাইৰ পৰা ১৫ জুলাইলৈ বিভিন্ন কাৰ্যসূচীৰে স্বচ্ছতা পষেক উদযাপন কৰে। এপষেক জোৰা কাৰ্যসূচী ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত মিশ্বনৰ অধীনত তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা হয়।ক’ভিড মহামাৰীৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বচ্ছতাৰ পষেকত মুখ্য ৰূপে বিভিন্ন স্থানত ফেছ মাস্ক,চেনিটাইজাৰ, হেণ্ড গ্ল’ভ আৰু স্বচ্ছতা সম্বন্ধীয় সামগ্ৰী বিতৰণ কৰা হয়।আনহাতে স্বচ্ছতা আৰু চেনিটাইজেশ্বন অভিযান অনুষ্ঠিত কৰাৰ লগতে এন আৰ এল ছ’চিয়েল মেডিয়া প্লেটফৰ্ম আৰু এন আৰ এল ৱেবচাইটৰ দৰে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে স্বচ্ছতাৰ সম্বন্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা লগতে অনলাইন মিটিং আৰু ৱেবিনাৰ আদি অনুষ্ঠিত কৰা হয়। স্বচ্ছতা পষেকৰ শুভ আৰম্ভণি শোধনাগাৰ, গুৱাহাটী, নতুন দিল্লী আৰু শিলিগুৰি আদি কোম্পানীটোৰ বিভিন্ন স্থানত ,স্বচ্ছতা সংকল্পৰে কৰা হয়।আনহাতে শিলিগুৰি মাৰ্কেটিং, টাৰ্মিণেলৰ সমীপৰ্বতী অঞ্চলসমূহত বৃহৎ চেনিটাইজেশ্বন অভিযান সম্পন্ন কৰাৰ লগতে নুমলীগড় ৰিফাইনেৰী ছাইটৰ সমীপৰ্বতী অঞ্চলসমূহত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।মাস্ক,চেনিটাইজাৰ ,হেণ্ড ৱাশ্ব, গ্ল’ভ আদিৰে সমৃদ্ধ ৩০০ ক’ভিড হাইজিন কিট পি এইছ চি আৰু বি পি এইছ চি সমূহৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মী,স্থানীয় বজাৰ সমূহৰ চাফাইকৰ্মী আৰু গোলাঘাট পৌৰসভাৰ কৰ্মী সকলৰ মাজত বিতৰণ কৰা হয়।
ইয়াৰ উপৰিও এই পষেকটোত ফৰকাটিং অসামৰিক হাস্পতাল আৰু গোলাঘাট পৌৰসভা ক ক্ৰমশঃ এখন এম্বুলেন্স আৰু এখন শৱ কঢ়িওৱা বাহন প্ৰদান কৰা হয়।এবাৰ ব্যৱহৃত প্লাষ্টিকৰ প্ৰয়োগ বন্ধ কৰা,ঘৰুৱা অপশিষ্টৰ পৃথকীকৰণ ,আচৰণগত মানকৰ ওপৰত সজাগতা সৃষ্টি আৰু ক’ভিড বিধি মানি চলা আদিৰ বাবে এন আৰ এল ছচিয়েল মেডিয়া প্লেটফৰ্মত সজাগতা অভিযান জাৰি কৰা হয়।এবাৰ ব্যৱহৃত প্লাষ্টিক বন্ধ কৰাৰ উদ্দেশ্য আগত ৰাখি এন আৰ এলৰ টাউনশ্বিপ আৰু ৰিফাইনেৰী কৰ্মী সকলৰ মাজত মৰাপাটৰ পৰা প্ৰস্তুত বেগ বিতৰণ কৰা হয়।
একেদৰে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত স্বচ্ছতাৰ সম্বন্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰিফাইনেৰী পৰা ১৫ কিলোমিটাৰ পৰিসীমাৰ ভিতৰত অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ১১ জুলাইত এখন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়।স্বচ্ছতা,পানী,চেনিটাইজেশ্বন আৰু স্বচ্ছতা অভ্যাস আৰু আমাৰ সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক এই ৱেবিনাৰ পি এইছ ই ডিৰ অধীক্ষক অভিযন্তা, গুৱাহাটী শ্ৰী নৃপেন্দ্ৰ নাথ শৰ্মাই সম্বোধন কৰে আৰু তেওঁ বিষয়ৰ ওপৰত বিস্তৃত ভাৱে অভিমত ব্যক্ত কৰে।পিছত একে বিষয়তে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন অনলাইন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।স্বচ্ছতা পষেকৰ উপলক্ষে সমীপৰ্বতী এখন গাঁওত গাঁওবাসীৰ সক্ৰিয় সহযোগত এক বৃক্ষৰোপন কাৰ্যসূচীৰো অনুষ্ঠিত কৰা হয়।এই কাৰ্যসূচীত ৩০ জোপা গছপুলি ৰোপন কৰা হয়।

Leave A Reply

Your email address will not be published.