উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ মহিলা শাখাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰে “হেঁপাহৰ ভোগালী” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ ( এন এফ আই আৰ ) যুটীয়া সাধাৰণ সম্পাদক মুনীন শইকীয়াই। এই উপলক্ষে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তই আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুনীন শইকীয়াই অসমীয়া জাতিৰ বাপটি সাহোন স্বৰুপ ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৱে জাতি, ধৰ্ম, ভাষা , সম্প্ৰদায় নিৰ্বিশেষে অসমত বাস কৰা সকলো লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদুঢ় কৰি আহিছে বুলি ব্যক্ত কৰি এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা বাবে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ শলাগ লয়। অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰুবুল বৰুৱা, উপ সভাপতিদ্বয় ত্ৰিদীপ মজুমদাৰ আৰু ডন সিং ব্ৰহ্ম , সহকাৰী সাধাৰণ সম্পাদকদ্বয় নয়ন কুমাৰ বৰ্মন আৰু প্ৰণীতা মজুমদাৰ , কোষধক্ষ্য জোন দাসকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেবাজনো বিষয়ববীয়া , গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতাকে ধৰি ইউনিয়নৰ কেবাটাও শাখাৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত মহিলা শাখাৰ কেবা গৰাকী কৰ্মকৰ্তা, সদস্যই গীত – মাত, গীতি নৃত্য নাটিকা আৰু বিহু হুঁচৰি পৰিবেশন কৰে। ইয়াৰ উপৰিও ৰেলকৰ্মী সকলৰ মাজত এখন লটাৰী খেল অনুষ্ঠিত কৰা হয়। য’ত বিজয়ী সকলক চিতল মাছৰ পৰা আৰম্ভ কৰি ছাগলী, হাঁহ আদি বিতৰণ কৰা হয়।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index