কবিতা পুথি উন্মোচন

0 277

WhatsApp Image 2018-02-19 at 6.42.02 PM

ড৹ দেৱাশিস বেজবৰুৱাৰ কবিতা পুথি “মুক্তকণ্ঠ” আৰু গীতি কবিতাৰ শ্ৰাব্য “হেৰ” অসমীয়া আকৌ এবাৰ জয় আই অসম বোল” উন্মোচন অনুষ্ঠানটি ১৮ ফেব্ৰুৱাৰী গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিত আলিবাট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘মুক্তকণ্ঠ‘ কবিতা পুথি উন্মোচন কৰি বিশিষ্ট কবি, সাহিত্যিক ড৹ নন্দ সিং বৰকলাই কয় যে.. নতুন প্ৰজন্মক অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ তথা অসমীয়া সাহিত্যৰ নতুন প্ৰজন্মক পথৰ সন্ধান দিব পৰাকৈ নতুন প্ৰজন্মৰ লেখক হিচাপে দেৱাশিস বেজবৰুৱাৰ কলমত সম্ভাৱনা নিহিত হৈ আছে।

WhatsApp Image 2018-02-19 at 6.42.00 PM

সমগ্ৰ বিশ্বতে এফালে ধ্বংসকামিতা আৰু আনফালে সৃষ্টিৰ সম্ভাৱনা অহৰহ চলি আছে, সেই দুদোল্যমানতাৰ মাজৰেই মানৱসমাজক, দেশক, জাতক আগুৱাই লৈ যায় কলমৰ চৰ্চা কৰা সকলেই, য’ত নিহিত হৈ থাকে প্ৰতিৰোধহীন ধনাত্মক শক্তি। অসমৰ জাতি জনগোষ্ঠী সমূহৰ সমন্বয়ৰ ভিত্তিত দিগন্তজিত দাসৰ ব্যৱস্থাপনত দেৱাশিস বেজবৰুৱাৰ দ্বাৰা ৰচিত তথা কণ্ঠ দিয়া আৰু সৌৰভ মহন্তই সংগীত সংযোজন কৰা গীত কবিতাৰ শ্ৰাব্য “হেৰ” অসমীয়া আকৌ এবাৰ জয় আই অসম বোল” উন্মোচন কৰি বিশিষ্ট কবি, অনুবাদক প্ৰেম নাৰায়ণ নাথে সাংস্কৃতিক সমন্বয়ৰে অসমীয়া জাতিক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে।

WhatsApp Image 2018-02-19 at 6.42.01 PM

শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান তথা অসমীয়া ভাষাৰ প্ৰথম মহিলা গৱেষিকা ভাষাতত্ববিদ, অনুবাদক, সাহিত্যিক ড৹ লীলাৱতী শইকীয়া বৰাই দেৱাশিস বেজবৰুৱাৰ ‘মুক্তকণ্ঠ‘ কবিতা পুথিৰ ওপৰত এটি বিশ্লেষণ আগবঢ়াই নতুন প্ৰজন্মক সাহিত্য সৃষ্টিত ভাষাগত দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ আঁত ধৰি সদৌ ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্ৰাচাৰ্য্যই কয় যে চাওলুং চুকাফা, শংকৰ- মাধৱ- আজান ফকীৰ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোৱঁৰ জ্যোতি প্ৰশাদ আগৰৱালা, কলা গুৰু বিষ্ঞু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাকে ধৰি বৰ অসমৰ স্বপ্ন দ্ৰষ্টা সকলৰ আদৰ্শৰে অসমৰ নতুন প্ৰজন্ম আজিও অনুপ্ৰণিত যাৰ প্ৰতিফলন “হেৰ’ অসমীয়া আকৌ এবাৰ জয় আই অসম বোল” গীত কবিতাত ঘটিছে। অনুষ্ঠানৰ আৰম্ভনিতে শিশু শিল্পী পাৱনী – শ্ৰিয়া মালাকাৰে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত মুক্তকণ্ঠৰ প্ৰকাশক আলিবাট প্ৰকাশনৰ প্ৰাঞ্জল কুমাৰ মহন্ত, নগাঁওৰ শিক্ষাবিদ পূৰ্ণচন্দ্ৰ বেজবৰুৱা, তথা গৌৰী শংকৰ শইকীয়াকে ধৰি বহু সংখ্যক গণ্য মান্য লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.