ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পৰ্যালোচনা বৈঠক

0 270

ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অলপতে শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ বুজ লবলৈ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত সাংসদ তাছাই ক’ভিড-১৯ ৰোগৰ ভয়াবহতা তথা ব্যাপক গনসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ক’ভিড-১৯ ৰোগৰ পৰীক্ষণ বৃদ্ধি কৰাৰ পোষকতা কৰে। তেওঁ ৰাইজৰ মাজত ক’ভিডৰ বিৰূদ্ধে ব্যাপক হাৰত সচেতনতা আৰু সজাগতা বৃদ্ধিৰ আহ্বান জনোৱাৰ লগতে অনুভাষ যন্ত্ৰৰ দ্বাৰা বহুল ভাৱে ভ্ৰাম্যমাণ প্ৰচাৰ চলাই যাবলৈ পৰামৰ্শ দিয়ে।
নিজ বক্তব্যত তেওঁ চাহ-বাগিচা সমূহত অতিমাৰী ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা চাহ-বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। চাহ-বাগিচা এলেকাত ক’ভিড ব্যৱস্থাপনা তদাৰক কৰাৰ বাবে তেওঁ সমূহ বাগিচা কৰ্তৃপক্ষক ন’ডেল বিষয়া সহ তদাৰকী গোট বা টাস্ক ফৰ্চ গঠন কৰি সেই তালিকা ২৬ মে’ তাৰিখৰ ভিতৰত উপায়ুক্ত কাৰ্য্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। চাহ-বাগিচা এলেকাত থকা ক’ভিড কেয়াৰ চেণ্টাৰ সমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে প্ৰয়োজনীয় সা-সুবিধা মজুত থকাটো সুনিশ্চিত কৰিবলৈও সাংসদ গৰাকীয়ে বাগিচা কৰ্তৃপক্ষক নির্দেশ দিয়ে। এই ক্ষেত্ৰত কোনো গাফিলতি সহ্য কৰা নহ’ব বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ লগতে চাহ বাগিচা সমূহৰ প্ৰৱেশ দ্বাৰত থাৰ্মেল স্কেনাৰৰ দ্বাৰা দেহৰ তাপমান পৰীক্ষণ তথা চেনিটাইজাৰৰ ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। তেওঁ চাহ বাগিচা সমূহৰ শ্ৰমিক সকলৰ সুবিধাৰ্থে বাগিচা এলেকাৰ দোকান সমূহ পুৱা সোনকালে খোলাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। তেওঁ চাহ বাগিচা এলেকাত অনুভাষ যন্ত্ৰৰ দ্বাৰা ব্যাপক হাৰত ভ্ৰাম্যমাণ প্ৰচাৰৰ উদ্যোগ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
বৈঠকত সাংসদ তাছাই ৰাজহ চক্ৰ বিষয়া সকলৰ তত্বাৱধানত তৃণমূল পৰ্য্যায়ত ক’ভিড-১৯ ব্যৱস্থাপনাৰ তদাৰক কৰাৰ উদ্দেশ্যে জিলাখনৰ প্ৰতিখন গাঁৱত গাওঁবুঢ়া, গাঁওৰক্ষী বাহিনী তথা পঞ্চায়তৰ সভাপতি- সম্পাদক সহ অনতিপলমে একোখনকৈ মাইক্ৰ টাস্ক ফৰ্চ গঠন কৰি সক্ৰিয় কৰাৰ পোষকতা কৰে। তদ্রুপ ভাৱে তেওঁ চহৰ অঞ্চলৰ প্ৰতিখন ৱাৰ্ডত একোটাকৈ মাইক্ৰ টাস্ক ফৰ্চ গঠন কৰিবলৈ আহ্বান জনায়।
সাংসদ গৰাকীয়ে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত মাল পৰিবাহী ট্ৰাক সমূহৰ সামগ্ৰী বোজাই কৰা আৰু নমোৱা আস্থানৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে।
বৈঠকত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ ক’ভিড-১৯ ব্যৱস্থাপনা সম্পৰ্কে বিস্তৃত প্ৰতিবেদন আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে, ১ মাৰ্চ, ২০২১ তাৰিখৰ পৰা ২৪ মে’, ২০২১ তাৰিখলৈ জিলাখনত ৭৬,৭৮৪ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে; ইয়াৰে ৫,৪০০ গৰাকীৰ আৰ. টি. পি. চি. আৰ. আৰু ৭১,৩৮৪ গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছে। বৰ্তমানলৈ ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ৩,২৭৩ গৰাকী আৰু বৰ্তমানে সক্ৰিয় পজিটিভ ৰোগীৰ সংখ্যা ১,২০৮ গৰাকী। তেওঁ উল্লেখ কৰে যে, বৰ্তমানে ৩৮৯ গৰাকী ক’ভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰ বিপৰীতে ৮১৯ গৰাকী গৃহ আছুতীয়াকৰণত আছে। অতিমাৰী ক’ভিড-১৯ -ৰ বাবে জিলাখনৰ ৩৮ গৰাকী ৰোগীৰ  মৃত্যু হৈছে বুলিও তেওঁ সদৰি কৰে। জিলাখনত ক’ভিড ৰোগী সুস্থ হোৱাৰ হাৰ ৯৮ শতাংশ বুলিও তেওঁ উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয় তথা ক’ভিড কেয়াৰ চেণ্টাৰত ৪৮৭ খন বিচনা মজুত ৰখা হৈছে আৰু ইয়াৰে ২৭৫ খনত লক্ষণযুক্ত ক’ভিড ৰোগীৰ চিকিৎসা চলি আছে। জিলাখনত মুঠ ১২৮৪ টা কন্টেইনমেণ্ট জ’ন নিৰ্দিষ্ট কৰা হৈছিল, যাৰ ৫৬১ খন উঠাই লোৱা হৈছে আৰু ৭২৩ খন বৰ্তমানে সক্ৰিয় হৈ আছে। ইতিমধ্যে ৮৬২ গৰাকী কন্টেইনমেণ্ট জ’নৰ বাসিন্দাক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। জিলা উপায়ুক্ত গৰাকীয়ে নিজ বক্তব্যত উল্লেখ কৰে যে, বৰ্তমানলৈ ৯৭,৭০৫ গৰাকী লোকক ক’ভিড-১৯ -ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। অক্সিজেনৰ মজুতকৰণৰ সন্দৰ্ভত তেওঁ কয় যে, বৰ্তমানে জিলাখনত ১৮০ টা B-type অক্সিজেন চিলিণ্ডাৰ, ৪০ টা  D-type অক্সিজেন চিলিণ্ডাৰ, আৰু ৬৩ খন Pipeleine support বিচনা মজুত আছে। তেওঁ লগতে উল্লেখ কৰে যে, জিলাখনৰ ১৪ খন ১০৮- এম্বুলেঞ্চৰ ৯ খন ক’ভিড-১৯ আক্রান্ত ৰোগীৰ যাতায়তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ আছে।
আজিৰ বৈঠকত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, ৰাজহ চক্ৰ বিষয়াসকল তথা অন্যান্য প্ৰশাসনিক বিষয়াসকল, স্বাস্থ্য বিভাগৰ বিষয়াসকল, চাহ খেতিয়ক (tea planters), কিছু সংখ্যক চাহ-বাগিচাৰ পৰিচালক আৰু বাগিচাত কৰ্তব্যৰত চিকিৎসকৰ লগতে আছু, টাই আহোম আৰু চাহ জনজাতি সংগঠনৰ কিছুসংখ্যক প্ৰতিনিধি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.