ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হিমাচল প্ৰদেশৰ চোলানস্থিত ( আই চি এ আৰ) কাঠফুলা গৱেষণা সঞ্চালকালয়ৰ অধীনৰ অল ইণ্ডিয়া কোঅর্ডিনেটেড ৰিচাৰ্ছ প্ৰজেক্ট অন মাছৰুম ( এ আই চি আৰ পি – এম ) ৰ সৌজন্যত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা আৰু মৎস বিজ্ঞান বিশ্ববিদ্যাল়য় চৌহদত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ আৰু কৰ্মশালা। পুৱা ৯.৩০ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পাছত বন্তি প্ৰজ্বলনৰে আলোচনা চক্ৰখনৰ শুভাৰম্ভ কৰা হয়। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা বিভাগৰ সঞ্চালক ডঃ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই বিশেষ বাৰ্ষিক কৰ্মশালাখন আয়োজন কৰা হৈছে। এনে এখন সন্মানীয় বাৰ্ষিক কৰ্মশালা আয়োজনৰ বাবে আমাৰ বিশ্ববিদ্যালয়ক নিৰ্বাচন কৰাৰ বাবে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, নতুন দিল্লীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানত অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাই বিশেষ অতিথি হিচাপে ভাগ লৈ কয় যে আমাৰ ৰাজ্যৰ বহু কৃষকে বৰ্তমান কাঠফুলা খেতিক জীৱিকা নিৰ্বাহৰ এক লাভজনক উপায় হিচাপে গ্ৰহণ কৰিছে। নৱগঠিত বিশ্ববিদ্যালয়খনত এনে ধৰণৰ কৰ্মশালা আয়োজন কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় ধন্যবাদৰ পাত্ৰ। অনুষ্ঠানত ভাগ লৈ হিমাচল প্ৰদেশৰ ছলানৰ আই চি এ আৰ -কাঠফুলা গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ডঃ বি এল আত্ৰীয়ে সৰ্বভাৰতীয় সমন্বিত কাঠফুলা গৱেষণা প্ৰকল্পৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ ওপৰত আলোকপাত কৰি কয় যে বিগত কিছু বছৰ ধৰি দেশত কাঠফুলাৰ উৎপাদন ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । উৰিষ্যা আৰু বিহাৰ বৰ্তমান দেশৰ সৰ্বাধিক কাঠফুলা উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাসে ভাগ লৈ কয় যে যোৱা কেই বছৰত কাঠফুলাৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পালেও কাঠফুলাৰ বীজৰ উপলভ্যতা এতিয়াও এক প্ৰধান সমস্যা হিচাপে দেখা দি আছে। বৰ্তমান অধিকাংশ বীজ পশ্চিমবংগৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয়। সেয়েহে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন স্থানত কাঠফুলাৰ বীজৰ উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। অনুষ্ঠানত আই চি এ আৰ নতুন দিল্লীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডঃ সুধাকৰ পাণ্ডে য়ে ভাগ লৈ কয় যে এই গৱেষণা গোটটোৱে বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ বাবে মানদণ্ড ভিত্তিক উৎপাদন প্ৰট’কল প্ৰস্তুত কৰিছে। বৰ্তমান সময়ত কেৱল বাটন (button) কাঠফুলাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি অধিক মূল্যসংযোজিত আৰু উচ্চ-মূল্যৰ আন কেইবিধমান কাঠফুলাৰ উৎপাদন আৰু প্ৰসাৰৰ দিশত কাম কৰি থকা হৈছে। তেনেদৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই ভাগ লৈ কয় যে উত্তৰ-পূৰ্বাঞ্চলত ৭০০ তকৈও অধিক প্ৰজাতিৰ কাঠফুলা পোৱা যায় । যাৰ ভিতৰত প্ৰায় ৩৪০ বিধ প্ৰজাতি কেৱল অসমতেই উপলব্ধ। কাঠফুলাৰ সংৰক্ষণকাল অতি কম, সাধাৰণতে মাত্ৰ কেইদিনমানহে স্থায়ী হয়। এই ক্ষেত্ৰত উক্ত প্ৰকল্পটোৱে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখ্য যে আলোচনা চক্ৰ আৰু কৰ্মশালাৰ লগত সংগতি ৰাখি কাঠফুলাৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। আনহাতে। ২৪ জুন শেহৰ দিনা বিয়লি ৩.৩০ বজাৰ পৰা সামৰণি অনুষ্ঠান অনুষ্ঠিত হব।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ