শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে প্ৰতি মাহৰ শেষৰ দেওবাৰে চেমনীয়াৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অনুষ্ঠিত কৰি অহা মৌ মেল অনুষ্ঠান ক’ভিড সৃষ্ট পৰিবেশৰ বাবে সামাজিক ভাৱে বন্ধ আছিল।এতিয়া পুনৰ ২৪ এপ্ৰিলৰ পৰা প্ৰতি মাহৰ শেষৰ দেওবাৰে দিনৰ ২ বজাৰ পৰা কলাক্ষেত্রৰ বাকৰিত এই মৌ-মেলখনি অনুষ্ঠিত হ’ব।এইবাৰৰ ১৫৮ সংখ্যক মৌ-মেলত প্ৰাক প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ চাৰিটা শাখাত চিত্ৰাঙ্কন প্ৰতিযোগিতা, পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত জাতীয় উৎসৱ বিহু সম্পৰ্কে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।লগতে শিশু চেমনীয়া বিভিন্ন গীত মাতৰ অনুষ্ঠান পৰিবেশিত হ’ব। ইয়াৰোপৰি শিশু চেমনীয়া সকলৰ নিয়মীয়া শিশু সুলভ গীত-নৃত্যৰ অনুষ্ঠানো অনুষ্ঠিত হ’ব।শিশু চেমনীয়া সকলে মৌ-মেলত অংশগ্ৰহণ কৰিব বাবে কোনো ভৰ্তি মাচুল দিব নালাগে অথবা প্ৰৱেশ পত্ৰও সংগ্ৰহ কৰিব নালাগে আৰু ছবি অঁকাৰ বাবে কাগজ কলাক্ষেত্র সমাজে যোগান ধৰিব বুলি মৌ মেলৰ পৰিচালক,চিত্ৰশিল্পী মধুসুদন দাসে প্ৰেছ বিজ্ঞাপ্তি যোগে জনাইছে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে