আজি গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। প্ৰায় আঠ শতাধিক বিভিন্ন জিলা আৰু বিধান সভা সমষ্টিৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই সভাত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহ পূনৰনিৰ্ধাৰণ চূড়ান্ত কৰাৰ পিছত দলৰ সাংগঠনিক স্তৰসমূহ পুনৰ গঠন কৰি সমাগত নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই সকলো লোকসভা আৰু বিধান সভা সমষ্টিতে সাংগঠনিক তৎপৰতা ত্বৰান্বিত কৰি দলীয় সংগঠন অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। আৰু লোকসভাত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ অঙ্গীকাৰবদ্ধ হয়। সভাই অসম গণ পৰিষদ দলৰ সংবিধানৰ কেইটামান দফাৰ সংশোধন আৰু সংযোজনত অনুমোদন জনায়। সংশোধনী সংবিধানত তৃণমূল পৰ্য্যায়ৰ বিভিন্ন দলীয় সাংগঠনিক স্তৰসমূহ অধিক গণমুখি কৰাৰ লগতে সদস্যসকলক অধিক দায়বদ্ধশীল কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে। অনুৰূপ ধৰণে কেইবাটাওঁ জাতি-জনগোষ্ঠীৰ কোষ গঠন কৰাৰ লগতে সামাজিক ক্ষেত্ৰ সামৰিও কোষ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই দলীয় সাংগঠনিক ব্যৱস্থাটো অধিক সম্প্ৰসাৰণ কৰি প্ৰগতিশীল জাতীয়তাবাদেৰে লক্ষ্যৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ মূলমন্ত্ৰৰে আৰু আঞ্চলিকতাবাদী ধাৰাৰে দলটোক ন-ৰূপত সুসংগঠিত কৰিবলৈ সিদ্ধান্ত লয়। সভাই সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত হোৱাৰ পিছত দলীয় সাংগঠনিক স্তৰসমূহ পুনৰ গঠন কৰাৰ স্বাৰ্থত আৰু সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সংবিধানৰ ৭ নং দফাৰ (খ)ৰ আধাৰত বৰ্তমানৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ কাৰ্য্যকাল ৬ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সাধাৰণ সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, নুৰুল হুছেইন, মনোজ শইকীয়া, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, পোনাকন বৰুৱা, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, পৃথ্বিৰাজ ৰাভা আদি উপস্থিত থাকে। সাধাৰণ সভাৰ পূৰ্বে দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি সভাপতি অতুল বৰাই ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকক একত্ৰিত কৰি আঞ্চলিকতাবাদৰ ভেটি অসম গণ পৰিষদ দলৰ জৰিয়তে শক্তিশালী কৰা কথা দোহাৰে। বৰাই লগতে কয় যে, ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ স্বাৰ্থত অসম গণ পৰিষদ দলে নিজৰ স্থিতিত অটল থাকি মিত্ৰজোটৰ চৰকাৰখনৰ জৰিয়তে অসমৰ ৰাইজক সেৱা আগবঢ়াই যাব। ১১ টা বিৰোধী দলৰ সন্মিলিত ৰাজনীতিক দিবা-স্বপ্ন আৰু ভুৱা আষ্ফালন বুলি উল্লেখ কৰি দলীয় সদস্যসকলক ৰাজ্যখনৰ স্বাৰ্থত অধিক সক্ৰিয়তাৰে দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme