কলাক্ষেত্ৰত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ-প্ৰথম পৰ্যায়ৰ চতুৰ্থ কৰ্মশালাৰ পঞ্চম দিনৰ কাৰ্যসূচী

0 221

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আৰম্ভ হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্রথম পৰ্যায়ৰ চতুৰ্থ কৰ্মশালাখনি আজি ৭ জুন ২০২২ তাৰিখে পুৱা ৬-৩০ বজাত যোগ প্রশিক্ষণেৰে দ্বিতীয় দিনাৰ কৰ্মশালা আৰম্ভ কৰা হয়। যোগ গুৰুকুল অসমৰ ডাঃ হিমাংশু বুজৰবৰুৱাৰ তত্বাৱধানত যোগাসনৰ প্ৰশিক্ষণ দিয়ে অনুষ্ঠিত হোৱা যোগাসনত সহযোগ কৰে যোগশিক্ষক সকলে। দ্বিতীয় সত্ৰত জনগোষ্ঠী অনুযায়ী ভোৰতাল, সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় সংস্কৃতিৰ আভাস প্রশিক্ষাৰ্থীসকলক প্রদান কৰা হয়। পুৱা ১০-৩০ বজাৰ পৰা ১১-৪৫ বজালৈ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত বৌদ্ধিক আলোচনা সত্ৰত বিশিষ্ট সমাজকৰ্মী হেমন্ত ধিং মজুমদাৰদেৱে “ৰামায়ণ-মহাভাৰতকালীন অসম তথা পূৰ্বাঞ্চল আৰু ঐতিহাসিক সংযোগ” শীৰ্ষক বিষয়ত বক্তৃতা প্রদান কৰাৰ লগতে মত বিনিময় কৰে। বক্তৃতাৰ আৰম্ভণিতে বক্তাগৰাকীয়ে ৰামায়ণ- মহাভাৰত আমাৰ পূৰ্বপুৰুষৰে ইতিহাস বুলি উল্লেখ কৰি বুৰঞ্জী আৰু ইতিহাস শব্দৰ অৰ্থৰ বিশ্লেষণ আগবঢ়ায়। ৰামায়ণৰ স্ৰষ্টা বাল্মিকীৰ জীৱন কাহিনী বৰ্ণনাৰে তেখেতে মৰ্যদা পুৰুষোত্তম ভগৱান ৰাম আৰু পূৰ্ণ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমি, পূণ্যভূমি ভাৰতবৰ্ষৰ সৈতে অসম তথা পূৰ্বাঞ্চলৰ মহাকাব্য আৰু পুৰাণৰ সময়ৰে পৰা থকা ঐতিহাসিক সম্পৰ্কৰ বিষয়ে উদাহৰণ সহ প্রশিক্ষাৰ্থীসকলৰ আগত ব্যক্ত কৰে। ৰামায়ণ আৰু মহাভাৰতত উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ স্থান, জনসম্পৰ্কৰ সমন্বয় তথা ভাৰতীয় সমাজত নাৰীৰ উচ্চ মৰ্যদাপূৰ্ণ স্থান আদিৰ বিষয়েও তেখেতে প্রশিক্ষাৰ্থীসকলৰ আগত খুব মনোগ্ৰাহীকৈ বৰ্ণনা কৰে। আমাৰ এই ঐতিহাসিক সূত্ৰসমূহ আৰু পৰম্পৰাক জাতি-জনগোষ্ঠী ভেদে সকলোৱে বৰ্তাই ৰাখিলেহে এখন শুদ্ধ, সবল ভাৰতীয় সমাজ গঢ়ি তুলিবৰ বাবে সক্ষম হ’ম বুলি কৈ বক্তাগৰাকীয়ে নিজ বক্তব্যৰ সামৰণি মাৰে।সুবক্তা হেমন্ত ধিং মজুমদাৰ ডাঙৰীয়াৰ বক্তৃতাৰ সামৰণিৰ পিছত প্ৰশ্নোত্তৰ শিতানত প্রতিটো জনগোষ্ঠীৰ প্রশিক্ষাৰ্থী আৰু প্রশিক্ষকসকলে (কোচ, মৰাণ, দেউৰী আৰু ৰাভা) বক্তৃতাৰ বিষয় সম্পৰ্কত বিভিন্ন ধৰণৰ প্রশ্ন উত্থাপন কৰে আৰু বক্তাগৰাকীয়ে তেওঁলোকৰ প্রশ্নৰ সঠিক উত্তৰ প্রদানেৰে বক্তৃতানুষ্ঠানটি সাফল্যমণ্ডিত কৰে।

Leave A Reply

Your email address will not be published.