কলা শাখাৰ শীৰ্ষকৰ মনৰ কথা

0 315

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ফলাফল ।এই বৰ্ষত কলা শাখাত শীৰ্ষস্থান লাভ কৰে দৰঙৰ ব্ৰিলিয়াণ্ট একাডেমীৰ খুচবু ফিৰদৌজে।খুচবুৱে সৰ্বমুঠ ৪৭৮ নম্বৰ লাভ কৰে।ফলাফল লাভৰ পিছত খুচবুৱে সফলতাৰ সম্পৰ্কে এনেদৰে মন্তব্য কৰে-১১বছৰীয়া পৰিক্ৰমাৰ এয়া ফচল।আশা কৰা মতেই ফল লাভ কৰিছো।মই ভাবো এবাৰ ফেইল হ’লে হাৰ মানিব নালাগে ।কাৰণ জীৱনত বহুতো সুযোগ আহে।মোৰ পঢাৰ বাবে তেনে কোনো নিৰ্দিষ্ট সময় নাছিল।যেতিয়াই মন যায় অধ্যয়ন কৰিছিলো।আল্লাৰ অনুগ্ৰহ আৰু আব্বা-আম্মাৰ দোৱাৰ অবিহনে সফল হ’ব নোৱাৰিলেহেঁতেন! অনাগত দিনত নিজকে এগৰাকী আদৰ্শ যুৱ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো।

Leave A Reply

Your email address will not be published.