সম্প্ৰতি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ সামাজিক সংক্ৰমণ অদ্যাপি কমি যোৱা নাই । কৰ’নাকেন্দ্ৰিক পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে । তেনেক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত অঞ্চল সমূহত চলি থকা কোভিড মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কাঁহিকুছি গাওঁ পঞ্চায়তৰ উদ্যোগত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ জনসমাগম হোৱা ৰাজহুৱা স্থান , বজাৰ আদিত চেনিটাইজেছন কৰি বীজাণুমুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হয় । ৰাজ্যিক অগ্নি আৰু আপাদকালীন বাহিনীৰ দুখন বাহনৰে চলোৱা এই চেনিটাইজেছন অভিযানত কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । উল্লেখনীয় যে অগ্নি আৰু আপাদ কালীন বাহিনীৰ বাহন দুখনৰ জৰিয়তে বৰঝাৰ বিমানবন্দৰ চৌহদ , কাঁহিকুছি বজাৰ , ৰাণী গেট , ভি আই পি চ’ক – বজাৰ , গধূলি বজাৰ আদিকে ধৰি জনসমাগম হোৱা আন কেতবোৰ স্থান চেনিটাইজেচন কৰি বীজাণুমুক্ত কৰাৰ চেষ্টা চলোৱা হয় । চেনিটাইজেছন অভিযানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ , আজাৰা ৰাজহ চক্ৰ বিষয়া মৃণাল বৰা , ৰাণী উন্নয়ন খণ্ড বিষয়া লালৰেম চিমাই নাগলাৰ, আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল চাংমাই , অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন ,কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াকে ধৰি কেবাজনো কার্যকর্তা উপস্থিত থাকে।
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’