সম্প্ৰতি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ সামাজিক সংক্ৰমণ অদ্যাপি কমি যোৱা নাই । কৰ’নাকেন্দ্ৰিক পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে । তেনেক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত অঞ্চল সমূহত চলি থকা কোভিড মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কাঁহিকুছি গাওঁ পঞ্চায়তৰ উদ্যোগত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ জনসমাগম হোৱা ৰাজহুৱা স্থান , বজাৰ আদিত চেনিটাইজেছন কৰি বীজাণুমুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হয় । ৰাজ্যিক অগ্নি আৰু আপাদকালীন বাহিনীৰ দুখন বাহনৰে চলোৱা এই চেনিটাইজেছন অভিযানত কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । উল্লেখনীয় যে অগ্নি আৰু আপাদ কালীন বাহিনীৰ বাহন দুখনৰ জৰিয়তে বৰঝাৰ বিমানবন্দৰ চৌহদ , কাঁহিকুছি বজাৰ , ৰাণী গেট , ভি আই পি চ’ক – বজাৰ , গধূলি বজাৰ আদিকে ধৰি জনসমাগম হোৱা আন কেতবোৰ স্থান চেনিটাইজেচন কৰি বীজাণুমুক্ত কৰাৰ চেষ্টা চলোৱা হয় । চেনিটাইজেছন অভিযানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ , আজাৰা ৰাজহ চক্ৰ বিষয়া মৃণাল বৰা , ৰাণী উন্নয়ন খণ্ড বিষয়া লালৰেম চিমাই নাগলাৰ, আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল চাংমাই , অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন ,কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াকে ধৰি কেবাজনো কার্যকর্তা উপস্থিত থাকে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী