কাজিৰঙাৰ বান পৰিস্থিতিক লৈ চিন্তিত ব্ৰিটেইনৰ ৰাজকুমাৰ, লিখিলে পত্ৰ..

0 188

সমগ্ৰ ৰাজ্যজুৰি ক’ৰণা মহামাৰীৰ লগতে বিধ্বংসী বানেও তাণ্ডৱ চলাইছে। বিধ্বংসী বান পৰিস্থিতিৰ ফলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বুৰ যোৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো অৱস্থা তথৈৱচ।
 
 
সম্প্ৰতি বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বন্য জীৱ-জন্তুৰ আলাই আথানি নোহোৱা হৈছে। সম্প্ৰতি উদ্যানখনৰ প্ৰায় ৯৫ শতাংশ অঞ্চল বানৰ গ্ৰাসত পৰিছে আৰু এতিয়ালৈকে সৰ্বমুঠ ১২৩ টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে। এতিয়ালৈকে ১২টা এশিঙীয়া গঁড়, ৯৩ টা হৰিণা আৰু ৪টা ম’হৰ প্ৰাণ গৈছে। খাদ্যৰ বাবে এতিয়া ৰাজপথলৈ ওলাই অহাৰ অহৰহ চেষ্টা চলাইছে বন্যপ্ৰাণীবোৰে। বানে বিধ্বস্ত  কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কৰুণ দৃশ্যই সম্প্ৰতি অন্তৰ বিদ্ধ কৰি তুলিছে ব্ৰিটেইনৰ ৰাজকুমাৰ তথা ডিউক অৱ কেম্ব্ৰিজ যুৱৰাজ উইলিয়ামৰ।
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰি ব্ৰিটেইনৰ ৰাজকুমাৰ গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰলৈ এখন পত্ৰ লিখি পঠিয়াইছে। পত্ৰখনত ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামে কৈছে যে —ধাৰাসাৰ বৰষুণৰ বাবে প্লাৱিত হৈ পৰা কাজিৰঙাৰ বন্য জীৱৰ দুৰ্দশাই কেথেৰিন আৰু মোৰ হৃদয় থানবান কৰি দিছে।
 
২০১৬ৰ এপ্ৰিল মাহত কাজিৰঙা ভ্ৰমণৰ মধুৰ স্মৃতিয়ে আমনি কৰি থকাৰ সময়তে এনে দুৰ্দশাৰ কথাই আমাক আচৰিত কৰি তুলিছে। আমি আমাৰ ভ্ৰমণ কালত দেখিছো কিদৰে কাজিৰঙাৰ সকলো কৰ্মীয়ে নিঃস্বাৰ্থ ভাৱে বন্য প্ৰাণী বোৰৰ যত্ন লৈছে। এতিয়া কল্পনাও কৰিব পৰা নাই কেনে জটিল সময় তেওঁলোকে পাৰ কৰিছে। কেথেৰিন আৰু মই সেই সকল বন কৰ্মী আৰু ৰেঞ্জাৰক প্ৰশংসা কৰিছো যিসকলে নিজৰ জীৱন তুচ্ছ কৰি হ’লেও জীৱ-জন্তুৰ উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ আছে।ক’ভিড-১৯ মহামাৰীৰ সময়ত বানে অসমত জীৱন আৰু সম্পত্তিৰ হানি কৰাত আমি উদ্বিগ্ন । বানত ক্ষতিগ্ৰস্ত সকলোলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
ব্ৰিটেইনৰ ৰাজকুমাৰে লিখা চিঠিখন ইতিমধ্যে ৰাজ্যৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে  টুইটাৰ যোগে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.