কাজিৰঙা ৰাষ্ট্ৰীয় ন্যায়িক আলোচনা চক্ৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

0 147

জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বত কোটি কোটি লোকৰ জীৱন আৰু জীৱিকাৰ অস্তিত্বৰ প্ৰতি প্ৰত্যাহ্বান নমাই আনিছে।বৰ্তমান পৰিস্থিতিয়ে পৰিৱেশ সুৰক্ষাৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব বহুগুণে বৃদ্ধি কৰিছে।ইয়াৰ বাবে আমাৰ দৈনন্দিন জীৱনত বহনক্ষম আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি জৰুৰী পদক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে।আজি কাজিৰঙাত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত ৰাষ্ট্ৰীয় ন্যায়িক আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগিতাত আয়োজন কৰা ৰাষ্ট্ৰীয় আলোচনা চক্ৰত পৰিৱেশ আৰু বহনক্ষম উন্নয়ন ন্যায় পালিকাৰ ভূমিকা আৰু ভাৰতীয় ন্যায় পালিকাৰ ডিজিটেজেশ্যান ন্যায় প্ৰধানৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয় সামৰি লোৱা হয়।মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ পৰম্পৰাগত পদ্ধতি সমূহে সদায় বহনক্ষম জীৱন শৈলীৰ প্ৰতিফলন ঘটাই।বৈদিক দৰ্শনে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ সংযোগ সাধনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।তেওঁ কয় যে পৰিবেশ আমাৰ অস্তিত্বৰ বাবে প্ৰায় সকলো সম্পদ যোগান ধৰে।কিন্ত সকলো প্ৰাকৃতিক সম্পদে সীমাহীন নহয়।সম্পদৰ অতিমাত্ৰা আহৰণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ ৰূপান্তৰ পৰিৱেশ পুনৰ উদ্বোধন দিশত জৰুৰীকালীন ব্যৱস্থা ল’বলৈও বাধা কৰিছে।

পৰিৱেশ সুৰক্ষাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানত সন্নিবিষ্ট বিভিন্ন বিধানৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যুক্তিসংগত পৰিকল্পনা,সুষম উন্নয়ন আৰু সেউজ প্ৰযুক্তি ব্যৱহাৰে আমাৰ পৰিৱেশ ৰক্ষাৰ বাস্তৱ সন্মত সমাধান দিব পাৰিব।বহনক্ষম উন্নয়নৰ লক্ষ্য সমূহ বিষয়ে বিশদভাবে উল্লেখ কৰি তেওঁ কয় যে বহনক্ষম হৈছে উচ্চ পৰ্যায়ত মানুহৰ হিত সাধন আৰু উচ্চ পৰ্যায়ত পৰিবেশ ব্যৱস্থাৰ সুৰক্ষাৰ সংমিশ্ৰণকে প্ৰতীয়মান কৰে।তেওঁ ন্যায়ৰ প্ৰতিষ্ঠান সমূহৰ সহজ সুবিধা লাভ কৰিব বুলিও কয়।পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ নীতি সমূহ পালনৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় পালিকাই উল্লেখযোগ্য পদক্ষেপৰ বাবেও শলাগ লয়।তেওঁ কয় যে ভাৰতীয় ন্যায়পালিকা পৰিবেশ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ ফলত সামাজিক আৰু পৰিবেশ ন্যায়ৰ আহিলা হিচাপে জনস্বাৰ্থৰ গোচৰৰ উদ্ভাৱনীমূলক ব্যৱস্থাৰ কৰা হৈছে তদুপৰি বহু গোচৰত ইয়াৰ ৰায়দানে দেশৰ উন্নয়নৰ আৰ্হিত বহনক্ষম ব্যৱস্থালৈকে অধিক শক্তিশালী কৰি তুলিছে।

ৰাজ্য চৰকাৰে পৰিবেশ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ অসমে সকলো বিভাগ আৰু আন বহু চৰকাৰী সংগঠনক এই ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত কৰিছে।তেওঁ কয় যে চৰকাৰে সংৰক্ষিত বনাঞ্চল সমূহক ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপেও ঘোষণা কৰা হৈছে।অসমত হাতীকে ধৰি বন্যপ্ৰাণীৰ উন্নত সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই কাম কৰা হৈছে।তেওঁ লগতে জনাই যে ৰাজ্য চৰকাৰেও বৃহৎ পৰিসৰত বনাঞ্চল বৃদ্ধিৰ জৰিয়তে অনাগত পাঁচ বছৰত অসমত বনাঞ্চল ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।ভাৰতীয় ন্যায়পালিকাৰ ডিজিটেলাইজেশ্যানৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ব্যৱস্থাটোক ডিজিটেলাইজেশ্যান কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে।প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে উপযুক্ত প্ৰযুক্তিৰ দ্বাৰা সক্ষম কৰা ডিজিটেলাইজেশ্যান আন্তঃকাৰ্যকৰী হ’ব লাগে যাতে এই ব্যৱস্থাটোৰ সৰ্বাধিক সুবিধা ব্যৱস্থাৰ কৰিব পৰা যায়।ন্যায়পালিকা এনে ডিজিটেলাইজেশ্যানক পৃথকে চাব নালাগে বুলি উল্লেখ কৰি কয় যে সকলো স্তম্ভতে ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থাৰে অৱশেষত ন্যায়পালিকা গোচৰৰ আগতীয়া নিষ্পত্তিও সহায় কৰিব আৰু ইয়াৰ ফলত সমগ্ৰ ব্যৱস্থাটোৱে লাভাম্বিত হ’ব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ ই-ফাইলিঙৰ নতুন ব্যৱস্থা আৰু ৰেফাৰেন্স সমৰ্থিত আন্তঃগাঁথনি হিচাপে কৃত্ৰিম বৃদ্ধিমতা প্ৰয়োগ কৰাৰ বাবে শলাগ লৈ মুখ্যমন্ত্ৰী কয় যে নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে দেশৰ আদালতত ন্যায় প্ৰদান ব্যৱস্থাটো অধিক ত্বৰাম্বিত কৰি তুলিব ।তেওঁ আশা প্ৰকাশ কৰি কয় যে আদালতত প্ৰযুক্তিৰ ব্যৱস্থাৰে দশকৰ শেষৰ ফালে ন্যায়িক ব্যৱস্থাক নবীকৰণ আৰু বস্তুনিষ্ঠ মাপকাঠি নিৰ্ণয়ৰ দিশত অধিক যুক্তিসংগত কথাৰে নিশ্চিত কৰিব।আজিৰ এই অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকল ক্ৰমে এন আৰ শ্বাহ,সূৰ্য্যকান্ত, এ এছ বোপান্না, এছ ৰবিন্দ্ৰ ভাট, হৃষীকেশ ৰায়,বিক্ৰম নাথ,চি টি ৰবিকুমাৰ ,এম এম সুন্দ্ৰেশ,পি এছ নৰসিংহম,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ চ্ছায়া ,দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন‌ শ্যাম,নাগালেণ্ড,মিজোৰাম,অৰুণাচল প্ৰদেশৰ এডভ’কেট জেনেৰেল,ৰাজ্যৰ জিলা ন্যায়াধীশ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ পঞ্জীয়ক,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, চৰকাৰী আৰু ন্যায়িক বিষয়া প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.