কামৰূপ জিলাত অনুষ্ঠিত হল জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠক

0 248

আমিনগাঁওস্থিত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ এক বৈঠকত জিলাখনৰ দুৰ্যোগ সহাঁৰি পূজিৰ অধীনত শেহতীয়া বানপানী আৰু যোৱা মাৰ্চ তথা এপ্ৰিল মাহত হোৱা ধুমুহাৰ ফলত ব্যক্তিগত তথা প্ৰতিষ্ঠানৰ আন্তঃগাথনিৰ ক্ষয়-ক্ষতিৰ প্ৰস্তাৱ সমূহৰ কিছু সংখ্যকত নীতিগতভাৱে অনুমোদন জনোৱা হয়। অহা ৮ জুলাইত অনুষ্ঠিত হবলগীয়া দ্বিতীয়খন বৈঠকত জিলাখনৰ বানপানীত ক্ষতিগ্ৰস্ত আটাইকেটা ৰাজহ চক্ৰৰ ব্যক্তিগত তথা প্ৰতিষ্ঠানৰ ক্ষয়-ক্ষতিৰ সামগ্ৰিক পৰ্যালোচনাৰ লগতে ক্ষয়-ক্ষতিৰ প্ৰস্তাৱ সমূহত অনুমোদন জানোৱা হ’ব।
হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, আন আন সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া তথা জিলাখনৰ গুৰুত্বপূৰ্ণ সকলো বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকৰ আৰম্ভণিতে জিলা উপায়ুক্ত গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত জনসাধাৰণক সকাহ প্ৰদানৰ কামত কোনো ধৰণৰ বিলম্বতা যাতে নহয় সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। তদুপৰি এই প্ৰক্ৰিয়াত কোনো এগৰাকী প্ৰকৃত বান ক্ষতিগ্ৰস্ত যাতে বাদ নপৰে সেইটো নিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। সেয়েহে উপায়ুক্ত গৰাকীয়ে বান ক্ষতিগ্ৰস্ত ব্যক্তিৰ ঘৰ-বাৰী, শস্য পথাৰৰ ক্ষয়-ক্ষতি, ঘৰচীয়া জীৱ-জন্তুৰ ক্ষয়-ক্ষতি, মৎস্য পুখুৰী ইত্যাদিৰ ক্ষয়-ক্ষতিৰ এক একীকৃত বিৱৰণৰ প্ৰস্তাৱ অহা বৈঠকত দাখিলৰ বাবে নিৰ্দেশ দিয়ে। এই সম্পৰ্কীয় বিৱৰণৰ যাৱতীয় প্ৰ-পত্ৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীক সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সকলক প্ৰদান কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে বানপীড়িতক তাৎক্ষণিক সকাহ প্ৰদানৰ ওপৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে। কোনো প্ৰকৃত বান ক্ষতিগ্ৰস্ত লোক যাতে বাদ নপৰে সেইটো ভালদৰে পৰীক্ষা কৰাৰ বাবেও উপায়ুক্তই নিৰ্দেশ দিয়ে। বৈঠকত উপায়ুক্ত গৰাকীয়ে বহাগত বৰদৈচিলা অহাৰ পূৰ্বে অৰ্থাৎ ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰতে এ পি ডি চি এলক বিদ্যুৎৰ খুটা, বিদ্যুৎ সৰবৰাহকাৰী লাইন ইত্যাদি ভলদৰে পৰীক্ষা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কয়। বৈঠকত ৰাজহ চক্ৰ ভিত্তিত হোৱা ধুমুহাৰ ক্ষয়-ক্ষতি, শেহতীয়া বানৰ ব্যক্তিগত তথা প্ৰতিষ্ঠানগত ক্ষয়-ক্ষতি, বিভিন্ন বিভাগৰ আন্তঃগাথনিৰ ক্ষয়-ক্ষতি ইত্যাদিৰ প্ৰস্তাৱ সমূহ উত্থাপন কৰা হয়। বৈঠকত বান ক্ষতিগ্ৰস্তৰ বাচন-বৰ্তন, তথা কাপোৰ-কানি ক্ৰয়ৰ বাবে ৩৮০০ টকা প্ৰদানৰ তালিকাখন অতিশীঘ্ৰে প্ৰস্তুত কৰাৰ বাবে চক্ৰ বিষয়া সকলক তেওঁ নিৰ্দেশ দিয়াৰ উপৰি বিদ্যালয় সমূহৰ পৰিদৰ্শকক বানত আক্ৰান্ত হৈ শিবিৰ অথবা শিবিৰৰ লেখীয়া স্থানত থকা ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ্য পুথি তথা শিক্ষাৰ আচবাব ক্ৰয়ৰ বাবে ১০০০ টকাকৈ প্ৰদানৰ তালিকাখন প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে। বৈঠকত উপায়ুক্ত গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে এই দিশত এক সময়সীমা বান্ধি দিছে যাতে বানাক্ৰান্ত সকলে ক্ষীপ্ৰতাৰে সকাহ পাব পাৰে। এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিষয়াকে দায়বদ্ধতাৰে কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে।বৈঠকত অতিৰিক্ত উপায়ুক্ত ক্ৰমে প্ৰণৱ দত্ত গোস্বামী, সুজতা গগৈ, মুনমী কলিতা, অতিৰিক্ত আৰক্ষী অধীক্ষক,সহকাৰী আয়ুক্ত সকলৰ উপৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.