চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে

0 231

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত যানবাহনৰ বকেয়াসহ যাৱতীয় কৰ সংগ্ৰহৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, বিগত তিনিটা বিত্তীয় বৰ্ষত প্ৰথম তিনি মাহত সংগৃহীত কৰৰ তুলনাত এইবাৰ সৰ্বাধিক ৬৮কোটিৰ অধিক কৰ সংগ্ৰহ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে পূৰ্বৰ সকলো সকলো অভিলেখ ভঙ্গ কৰে ৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত সংগৃহীত ৬৮,২৩,২০,৪৫৩ কোটি টকাৰ বিপৰীতে পূৰ্বৰ তিনিটা বৰ্ষ ক্ৰমে ২০২১ বৰ্ষত ৩৯,০৯,৩৯,৪৪৫ টকা, ২০২০ত ২০,৩৪,১১,১৪২ টকা আৰু ২০১৯ত ৪৯,৯৩,০১,০৩১টকাৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ শেষৰ দিনটোত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যাপক সমাগম হোৱাত কৰদাতা সকলৰ সুবিধাৰ্থে তিনিটাকৈ অতিৰিক্ত কৰ সংগ্ৰহ কেন্দ্ৰ মুকলি কৰিবলগীয়া হয় ৷কৰ সংগ্ৰহৰ এই তথ্য সদৰি কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে আধুনিক তথ্য প্ৰযুক্তিৰ সহায়ত কৰ অনাদায়ীসকলক চিনাক্ত কৰি কাৰ্যালয়ত অস্থায়ীভাৱে স্থাপিত কল চেন্টাৰৰ জড়িয়তে তেওঁলোকলৈ সঘনে ফোন কৰাৰ উপৰি কৰ অনাদায়ীৰ ঘৰ, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠান আদিতো বিভাগৰ দল উপস্থিত হৈ কৰ আদায়ৰ বাবে জাননী প্ৰেৰণ কৰাত কৰদাতা সকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি পায়। এইক্ষেত্ৰত অনাগত দিনবোৰত তেওঁ সকলো যানবাহন ব্যৱহাৰকাৰীকে সময়মতে যাৱতীয় কৰ পৰিশোধ কৰি নিজৰ বাহনখন বৈধ কৰি ৰাখি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.