অসম চৰকাৰৰ পৰিবহণ বিভাগে কিছুদিন পূৰ্বে দিয়া এক নিৰ্দেশৰ ভিত্তিত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে আজি গৌতম দাস ( পঞ্জীয়ন আৰু অনুজ্ঞা , প্ৰৱৰ্তক , অধ্যক্ষ , চালক আৰু পৰিচালক প্ৰশিক্ষণ বিদ্যালয় ) আৰু ৰফিকুল ইছলামে ( সচিব , আঞ্চলিক পৰিবহন প্ৰাধিকৰণ ) কাৰ্য্যভাৰ গ্ৰহণ কৰে । গৌতম দাসে বিদায়ী জিলা পৰিবহন বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গুণধৰ দাস আৰু ৰফিকুল ইছলামে বাপন কলিতাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে গৌতম দাস কামৰূপ জিলাৰ পৰিবহণ বিষয়াৰ দায়িত্বত আছিল।তেনেদৰে ৰফিকুল ইছলাম কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা )জ্যেষ্ঠ যান বাহন পৰিদৰ্শকৰ দায়িত্বত আছিল আৰু জিলা পৰিবহণ বিষয়ালৈ পদোন্নতিসহ বদলিৰ নিৰ্দেশ দিয়া হৈছিল । আনহাতে কাৰ্যভাৰ গ্ৰহণৰ পাছতে দুয়োজন জিলা পৰিবহণ বিষয়াক যান বাহন পৰিদৰ্শক ,প্ৰৱৰ্তক পৰিদৰ্শক ,সহ প্ৰৱৰ্তক পৰিদৰ্শক আৰু আন কৰ্মচাৰী সকলে আদৰণি জনায়।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি