আজি গুৱাহাটীৰ খানাপাৰত অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধিনত নিৰ্মান কৰা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালনাত এক অত্যাধুনিক বানিজ্যিক কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।এই বানিজ্যিক কেন্দ্ৰটোত স্বাস্থ্যসন্মত বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত মাংস, কণী, দুগ্ধজাত সামগ্ৰী, ক্লিনিক, ঔষধ, পশুখাদ্য আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী ভাষণ দি অধ্যক্ষ শইকীয়াই কয় যে, এই বানিজ্য কেন্দ্ৰৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পশুপালক আৰু গ্ৰাহকসকল উপকৃত হ’ব পাৰিব। পশুপালন বৃত্তি আত্মনিৰ্ভৰশীলতাৰ উত্তম পথ বুলি উল্লেখ কৰি কণী, গাখীৰ,গাহৰি, ছাগলী উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিব পাৰিলে অসমৰ যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ৰাজ্যখনক অৰ্থনৈতিক ভাৱে শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমৰ যি বাস্তৱিক লক্ষ্য তাৰেই এই বানিজ্যিক কেন্দ্ৰটো অংশ বুলি উল্লেখ কৰি অধ্যক্ষ শইকীয়াই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি পশুপালনৰ জৰিয়তে স্বাৱলম্বীকৰণত গুৰুত্ব আৰোপ কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভনন, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ