আজি গুৱাহাটীৰ খানাপাৰত অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধিনত নিৰ্মান কৰা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালনাত এক অত্যাধুনিক বানিজ্যিক কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।এই বানিজ্যিক কেন্দ্ৰটোত স্বাস্থ্যসন্মত বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত মাংস, কণী, দুগ্ধজাত সামগ্ৰী, ক্লিনিক, ঔষধ, পশুখাদ্য আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী ভাষণ দি অধ্যক্ষ শইকীয়াই কয় যে, এই বানিজ্য কেন্দ্ৰৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পশুপালক আৰু গ্ৰাহকসকল উপকৃত হ’ব পাৰিব। পশুপালন বৃত্তি আত্মনিৰ্ভৰশীলতাৰ উত্তম পথ বুলি উল্লেখ কৰি কণী, গাখীৰ,গাহৰি, ছাগলী উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিব পাৰিলে অসমৰ যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ৰাজ্যখনক অৰ্থনৈতিক ভাৱে শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমৰ যি বাস্তৱিক লক্ষ্য তাৰেই এই বানিজ্যিক কেন্দ্ৰটো অংশ বুলি উল্লেখ কৰি অধ্যক্ষ শইকীয়াই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি পশুপালনৰ জৰিয়তে স্বাৱলম্বীকৰণত গুৰুত্ব আৰোপ কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভনন, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan