কালিলৈ অনুষ্ঠিত হ’ব ইণ্ডিয়া অপেন ২০১৯ শীৰ্ষক প্ৰতিযোগিতা ।গুৱাহাটীৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনৰ সম্পৰ্কত আজি মহানগৰীৰ হোটেল ন’ভটেলত এক সংবাদ মেল অনুষ্ঠিত হয়।আয়োজক কমিটিৰ অধ্যক্ষ লক্ষ্য কোঁৱৰে প্ৰতিযোগিতাখনৰ সম্পৰ্কত কয় যে কালি বিয়লি ৫. ৩০বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব।উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব ।বিভিন্ন দেশৰ প্ৰতিযোগীসকলে অংশ গ্ৰহণ কৰাৰ বাবে যোগাযোগ কৰাৰ কথা জানিবলৈ দিয়ে ।সংবাদ মেলত উপস্থিত থাকি বক্সাৰ মেৰি কমে কয় যে প্ৰতিযোগিতাৰ বাবে কঠোৰ অনুশীলন কৰিছো।আৰু ভালদৰে খেলাৰ বাবে সদায়েই চেষ্টা কৰি আহিছো।আনহাতে শিৱ থাপাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে গৃহভূমিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বাবে বহু উৎসাহী হৈ আছো।নতুন কৌশল অৱলম্বন কৰি অনুশীলন অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে।উল্লেখযোগ্য যে বহু দেশী বিদেশী প্ৰতিযোগীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খনত অংশ লোৱাৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে।ঘৰুৱা দৰ্শক তথা ক্ৰীড়াপ্ৰেমী সকলৰ মাজত উৎসাহ উদ্দীপনাৰ বৃদ্ধি পোৱা দেখা গৈছে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন