কৃষকলৈ আশাৰ বতৰা আনিছে গেৰুৱাস্থিত ধান গৱেষণা কেন্দ্ৰই

0 347

লক  ডাউনৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকলৈ সুখবৰ । কৃষক সকলৰ ক্ষয় ক্ষতিৰ জোৰা মাৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে হাজোৰ গেৰুৱাস্থিত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ।
 
 
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই গৱেষণা কেন্দ্ৰটোত ইতিমধ্যেই বৈজ্ঞানিক সকলে লাভ কৰিছে হাই প্ৰ’টিন যুক্ত কেইবাটাও উন্নত জাতৰ ধানৰ সন্ধান। এইবাৰ অসমৰ খেতি-পথাৰত চি-আৰ ধান- ৩০৮,৩০৯,৩১০,৩১১ আদি খেতি পথাৰত উপলব্ধ হ’ব । প্ৰতি বিঘাত দুগুণ অৰ্থাৎ ৩৫ মোনকৈ ধান কৃষকে ভিন্ন প্ৰজাতি ধানৰ পৰা  লাভ কৰিব পাৰিব।
 
 
লকডাউনৰ সময়ত কৃষকসকলৰ ব্যাপক মাত্ৰাত ক্ষতি হোৱাৰ কথা চিন্তা কৰি  ধান গৱেষণা কেন্দ্ৰত উপস্থিত হৈ সুমন হৰিপ্ৰিয়াই  ধান গৱেষণা কেন্দ্ৰ পৰ্যবেক্ষণ কৰে।
 
 
শালি আৰু বড়ো ধান কৰা খেতিয়কসকলে সহজলভ্য কৃষি কাৰ্যৰে অধিক উৎপাদন কৰিব পৰিব বুলি কৃষি বৈজ্ঞানিক সকলে আশা প্ৰকাশ কৰিছে ।
 
খবৰ যুগুতালে হাজোৰ পৰা  দিপাংকৰ মজুমদাৰে..

Leave A Reply

Your email address will not be published.