কামত সৰু বৰ নাই আৰু পুৰুষেয়েও মহিলাৰ কাম কৰিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ ৰাণী মৈৰাপুৰৰ পুৰাণ শুকুৰবৰীয়া চুপাৰ আদৰ্শ কৃষক দীনেশ নাথে । পেছাত তেওঁ এজন কৃষক হ`লেও বিশেষ পৰিস্থিতিত শুৱালকুচিত ৩৬ বছৰ আগতে ১৯৮৫ চনত শিপিনীৰ কাম শিকি লোৱা দীনেশ নাথে বিগত প্ৰায় ১৫ বছৰৰো অধিক কাল ধৰি নিজ ঘৰত কৃষিকৰ্মৰ মাজত আজৰি সময়ত দুখনকৈ তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ বৈ সেই কাপোৰ বিক্ৰী কৰি পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।এই সন্দৰ্ভত দীনেশ নাথে জানিবলৈ দিয়া মতে তেওঁ গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি ৪৪ নং চাইজৰ পকোৱা সূতাৰ গামোছা আৰু মেখেলা , ৪৮ নং চাইজৰ চিলেপাটৰ শাৰী , ৫২ নং চাইজৰ চিলেপাটৰ চাদৰ কাপোৰ বৈ আহিছে।সাধাৰণতে দিনৰ ভাগত কৃষিকৰ্মত ব্যস্ত থকাৰ অন্তত সন্ধিয়াৰ পৰা নিশা ১০ মান বজালৈ লাইটৰ পোহৰত কাপোৰ বয়।এখন তেনে গামোছা বিক্ৰী কৰিলে তাৰ মান অনুসৰি ১৫০ ৰ পৰা ২০০ টকা ,অলপ উন্নত মানৰ হ`লে ৩০০ ৰ পৰা ৩৫০ টকা উপাৰ্জন হয় । এদিন সম্পূৰ্ণ দিনটো তাঁতশালত বহিলে এখন গামোছা অনায়াসে বব পাৰি । যিদিনা দিনত কৃষিকৰ্ম কৰিব লগীয়া নহয় সিদিনা তেওঁ তেনে গামোছা এখন বৈ উলিয়াই । আনহাতে চাদৰ আৰু শাৰীতো মানদণ্ড অনুসৰি বিভিন্ন দাম পোৱা হয় । বিগত প্ৰায় ডেৰমাহত আজৰি সময়ৰ সদব্যৱহাৰ কৰি তাঁতশালত বোৱা কাপোৰ বিক্ৰী কৰি সকলো খৰছ বাদ দি প্ৰায় দহ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক আৰু বিভাগত মাষ্টাৰ ট্ৰেইনাৰৰ সন্মান লাভ কৰা দীনেশ নাথে ২০০২ চনতে বৰ্তমানৰ ডিমা হাছাও জিলাৰ হাফলং চহৰত প্ৰথম বাৰৰ বাবে শিপিনীক প্ৰশিক্ষণ প্ৰদান কৰিছিল । তাৰ পাছৰে পৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত মাজে সময়ে অনুষ্ঠিত হৈ অহা শিপিনীৰ তিনিমহীয়া প্ৰশিক্ষণ শিবিৰত তেওঁ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে।আনকি বিগত বৰ্ষত লকডাউনৰ সময়ত তেওঁ অৰুণাচল প্ৰদেশৰ বমডিলাত তাৰ শিপিনী সকলক প্ৰশিক্ষণৰ দায়িত্বত নিয়োজিত হৈ আছিল । অৱশ্যে নিজকে এজন কৃষক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰা দীনেশ নাথে ২০০২ চনতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৃষি বিষয়ক অনাতাঁৰ সাক্ষাৎকাৰ এটিত ভাগ লৈছিল । পৰৱৰ্তী সময়ত দৰ্শক শ্রোতাৰ অনুৰোধত সেই সাক্ষাৎকাৰ কেইবাবাৰো সম্প্ৰচাৰ কৰা হৈছিল । বৰ্তমান তেওঁ আগন্তুক শালি ধানৰ খেতিত মনোনিবেশ কৰাৰ লগতে জিকা , নেচেৰাকে ধৰি বিভিন্ন ঋতুকালীন খেতি আৰম্ভ কৰিছে। দীনেশ নাথৰ ব্যক্ত কৰা অনুসৰি আমাৰ ৰাজ্যৰ মহিলা শিপিনী বা গৃহিণী সকলেও নিজৰ দক্ষতা বৃদ্ধি কৰি আজৰি সময়ৰ সদব্যৱহাৰ কৰি তাঁতশালত কাপোৰ বোৱাৰ অভ্যাস গঢ়ি তুলিলে কিছু হলেও নিজ পৰিয়ালক আৰ্থিক সকাহ দিব পাৰিব ।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth