কামত সৰু বৰ নাই আৰু পুৰুষেয়েও মহিলাৰ কাম কৰিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ ৰাণী মৈৰাপুৰৰ পুৰাণ শুকুৰবৰীয়া চুপাৰ আদৰ্শ কৃষক দীনেশ নাথে । পেছাত তেওঁ এজন কৃষক হ`লেও বিশেষ পৰিস্থিতিত শুৱালকুচিত ৩৬ বছৰ আগতে ১৯৮৫ চনত শিপিনীৰ কাম শিকি লোৱা দীনেশ নাথে বিগত প্ৰায় ১৫ বছৰৰো অধিক কাল ধৰি নিজ ঘৰত কৃষিকৰ্মৰ মাজত আজৰি সময়ত দুখনকৈ তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ বৈ সেই কাপোৰ বিক্ৰী কৰি পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।এই সন্দৰ্ভত দীনেশ নাথে জানিবলৈ দিয়া মতে তেওঁ গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি ৪৪ নং চাইজৰ পকোৱা সূতাৰ গামোছা আৰু মেখেলা , ৪৮ নং চাইজৰ চিলেপাটৰ শাৰী , ৫২ নং চাইজৰ চিলেপাটৰ চাদৰ কাপোৰ বৈ আহিছে।সাধাৰণতে দিনৰ ভাগত কৃষিকৰ্মত ব্যস্ত থকাৰ অন্তত সন্ধিয়াৰ পৰা নিশা ১০ মান বজালৈ লাইটৰ পোহৰত কাপোৰ বয়।এখন তেনে গামোছা বিক্ৰী কৰিলে তাৰ মান অনুসৰি ১৫০ ৰ পৰা ২০০ টকা ,অলপ উন্নত মানৰ হ`লে ৩০০ ৰ পৰা ৩৫০ টকা উপাৰ্জন হয় । এদিন সম্পূৰ্ণ দিনটো তাঁতশালত বহিলে এখন গামোছা অনায়াসে বব পাৰি । যিদিনা দিনত কৃষিকৰ্ম কৰিব লগীয়া নহয় সিদিনা তেওঁ তেনে গামোছা এখন বৈ উলিয়াই । আনহাতে চাদৰ আৰু শাৰীতো মানদণ্ড অনুসৰি বিভিন্ন দাম পোৱা হয় । বিগত প্ৰায় ডেৰমাহত আজৰি সময়ৰ সদব্যৱহাৰ কৰি তাঁতশালত বোৱা কাপোৰ বিক্ৰী কৰি সকলো খৰছ বাদ দি প্ৰায় দহ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক আৰু বিভাগত মাষ্টাৰ ট্ৰেইনাৰৰ সন্মান লাভ কৰা দীনেশ নাথে ২০০২ চনতে বৰ্তমানৰ ডিমা হাছাও জিলাৰ হাফলং চহৰত প্ৰথম বাৰৰ বাবে শিপিনীক প্ৰশিক্ষণ প্ৰদান কৰিছিল । তাৰ পাছৰে পৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত মাজে সময়ে অনুষ্ঠিত হৈ অহা শিপিনীৰ তিনিমহীয়া প্ৰশিক্ষণ শিবিৰত তেওঁ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে।আনকি বিগত বৰ্ষত লকডাউনৰ সময়ত তেওঁ অৰুণাচল প্ৰদেশৰ বমডিলাত তাৰ শিপিনী সকলক প্ৰশিক্ষণৰ দায়িত্বত নিয়োজিত হৈ আছিল । অৱশ্যে নিজকে এজন কৃষক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰা দীনেশ নাথে ২০০২ চনতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৃষি বিষয়ক অনাতাঁৰ সাক্ষাৎকাৰ এটিত ভাগ লৈছিল । পৰৱৰ্তী সময়ত দৰ্শক শ্রোতাৰ অনুৰোধত সেই সাক্ষাৎকাৰ কেইবাবাৰো সম্প্ৰচাৰ কৰা হৈছিল । বৰ্তমান তেওঁ আগন্তুক শালি ধানৰ খেতিত মনোনিবেশ কৰাৰ লগতে জিকা , নেচেৰাকে ধৰি বিভিন্ন ঋতুকালীন খেতি আৰম্ভ কৰিছে। দীনেশ নাথৰ ব্যক্ত কৰা অনুসৰি আমাৰ ৰাজ্যৰ মহিলা শিপিনী বা গৃহিণী সকলেও নিজৰ দক্ষতা বৃদ্ধি কৰি আজৰি সময়ৰ সদব্যৱহাৰ কৰি তাঁতশালত কাপোৰ বোৱাৰ অভ্যাস গঢ়ি তুলিলে কিছু হলেও নিজ পৰিয়ালক আৰ্থিক সকাহ দিব পাৰিব ।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন