কৃষি উদ্যান আঁচনি আৰম্ভ-কাৰ্গোৱে দেশ বিদেশলৈ ৰপ্তানি হ’ব পাচলি

0 274

কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উত্তৰ পূৱৰ সকলো বিমান বন্দৰকে কাৰ্গো বিমান অৰ্থাৎ সামগ্ৰী পৰিবহন কৰা বিমানৰে সংযোজন কৰাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। পূৰ্বতে কেৱল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, ইম্ফল আৰু আগৰতলা বিমান বন্দৰতেহে এই সুবিধা উপলব্ধ আছিল।২৬ আগষ্টত মিজোৰামৰ আইজল লেংপুই বিমান বন্দৰত কৃষিজাত সামগ্ৰী সৰবৰাহ  কৰাৰ বাবে কাৰ্গো বিমান যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছে।
 
 
এই সন্দৰ্ভত ২৬ আগষ্টৰ বিয়লি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বৰঝাৰস্থিত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত কয় যে, অসমকে ধৰি উত্তৰ পূৱ ৰাজ্যৰ কেইখনত আধাৰস, কঠাল, ভোট জলকীয়া, নেমু, বেঙেনাকে ধৰি প্ৰচুৰ ঔষধি থকা খাদ্য উৎপাদন হয়।
 
 
 
পহিলা জুনৰ পৰা ২৬ আগষ্টলৈ বিগত প্ৰায় তিনিমাহত আগৰতলা বিমান বন্দৰৰ পৰা ২৮০ টন, গুৱাহাটীৰ পৰা ৭৬.৫ টন আৰু ইম্ফলৰ পৰা ৬৪.৫ টন কৃষিজাত সামগ্ৰী দেশ বিদেশলৈ কাৰ্গো বিমানৰে ৰপ্তানি হৈছে।
 
 
 
 
কৃষি উন্নয়ন আঁচনিয়ে উত্তৰ পূৱৰ  ১৪ টা বিমান বন্দৰক সামৰি ল’ব। এতিয়াৰ পৰা উত্তৰ পূৱৰ সকলো স্থানলৈ পোনপটীয়াকৈ ৰেল সংযোগ হোৱা নাই আৰু অঞ্চলটোৰ ভৌগলিক জটিলতা দুৰ্গমতাকে ধৰি বিভিন্ন কাৰিকৰী কাৰণৰ বাবে কৃষিজাত সামগ্ৰী বাহিৰলৈ ট্ৰাকৰে সৰবৰাহ কৰিব লগা হ’লে স্থলপথৰে কেইবাদিনো লাগে। ফলত সামগ্ৰী সমূহ নষ্ট হোৱাৰ সম্ভাৱনা থাকে।কিন্তু বিমানৰে সৰবৰাহ কৰিলে সামগ্ৰী নষ্ট হোৱাৰ আশংকা নাথাকে। কৃষকসকলো প্ৰত্যক্ষভাৱে উপকৃত হোৱাৰ লগতে উচিত মূল্য লাভ কৰে।
 
 
 
 
আনহাতে দেশত চলি থকা লকডাউনৰ বাবে ই-কমাৰ্চৰ চাহিদা বৃদ্ধি পোৱা বুলি সদৰি কৰি উত্তৰ পূৱৰ বিমান বন্দৰ সমূহত চলি থকা আন্ত:গাঁথনি উন্নয়নৰ কামত প্ৰথমাৱস্থাত কিছু বাধা হ’লেও বৰ্তমান ঠিকে চলি আছে বুলি ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে সদৰি কৰে। সংবাদ মেল মহাপ্ৰবন্ধক ছে টি ৰাধাকৃষ্ণ, বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ, প্ৰৱন্ধক (জনসম্পৰ্ক) ইন্দ্ৰ মোহন কুমাৰকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
 
 
 
উল্লেখ্য ২০১৯ চনৰ মে’ মাহত উত্তৰ পূৱৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে যোগদান কৰি সংবাদ মাধ্যমৰ সৈতে এক সুম্পৰ্ক গঢ়ি তোলা সঞ্জীৱ জিন্দালক শেহতীয়া প্ৰাধিকৰণৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ত পদোন্নতিসহ মানৱ সম্পদ বিভাগৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.