ক্লাইমেট ফ’ৰ্চ আৰ্কটিক২০১৯ অভিযানলৈ টপচেম চিমেণ্টৰ সমৰ্থন

0 327

প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত টপচেম চিমেণ্টে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ স্বৰূপে জলবায়ু পৰিবৰ্তন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে গৱেষণা কৰাৰ বাবে নিৰ্বাচিত হোৱা ঋতুৰাজ ফুকনলৈ টপচেম চিমেণ্টে এক লাখ টকা আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে। সেই উপলক্ষে আজি হোটেল প্ৰগতি মেনৰত আয়োজিত এক সংবাদ মেলত টপচেম চিমেণ্টৰ অধ্যক্ষ ডাক্তৰ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে বিভিন্ন সময়ত প্ৰকৃতি তথা পৰিবেশ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। উদাহৰণ স্বৰূপে পূজাৰ সময়ত ৰাস্তা ঘাটে অনাদৃতভাৱে পৰি থকা প্ৰতিমা সমুহক নিষ্কাষণ কৰা অন্যতম। আনহাতে সংবাদ মেলত ঋতুৰাজ ফুকনে সংবাদ মেলখনত উপস্থিত থাকি জলবায়ু পৰিৱৰ্তনৰ গৱেষণা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে। সংবাদ মেলখনত টপচেম চিমেণ্টৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.