ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কালি অৰ্থাৎ ২৮ জুলাইত সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় । চুড়ান্ত খেলখনত কামৰূপ (ম )জিলাৰ হৈ বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও জিলাৰ হৈ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিনিধিত্ব কৰে। উত্তেজনাপূৰ্ণ খেলখনত কামৰূপ মহানগৰ জিলাই ৪-১ গলৰ ব্যৱধানত মৰিগাঁও জিলাক পৰাস্ত কৰে আৰু কামৰূপ (ম) জিলাৰ ৭ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে । চুড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী,আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ যমুনা বড়ো, এনি লামা,আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দুৰ্গা বড়ো, এল এন আই পি ইৰ জ্যেষ্ঠ অধ্যাপক ড॰ সুৰেন্দ্ৰৰ সিং, সোণাপুৰ মিনি ষ্টেডিয়ামৰ সভাপতি আফতাব হুছেইন, জ্যেষ্ঠ সাংবাদিক মৌচম বৈশ্য আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন