আজি গুৱাহাটীৰ ভুগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত আজি এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলত ক্ৰীড়া আৰু যুৱ কল্যাণ সন্থাৰ সদস্য সচিব লক্ষ্য কোঁৱৰে খেলো ইণ্ডিয়া য়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সফলতাৰ বাবে সকলোকে ধন্যবাদ জনায়।এই ক্ষেত্রত তেওঁ সংবাদ মাধ্যমৰ ভূমিকাক প্ৰশংসা কৰে।ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা এই ক্ৰীড়া অনুষ্ঠানৰ সকলো ভুল ক্ৰুটি সংবাদ মাধ্যমক আঙুলিয়াই দিবলৈ লক্ষ্য কোঁৱৰে আহ্বান জনায়।উল্লেখযোগ্য যে খেলো ইণ্ডিয়া য়ুথ গেমছত মেডেলপ্ৰাপ্ত সকলক আজি সন্ধিয়া ৬ বজাত সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্রীয়ে মেডেল সমূহ প্ৰদান কৰিব। জিমনাষ্টিকত অসম কন্যা উপাশা তালুকদাৰে দুটাকৈ ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।এই সফলতাই অসমৰ জিমনাষ্টিক জগতলৈ নিশ্চিতভাৱে এক আশাৰ বতৰা কঢ়িয়াইছে বুলি মত প্ৰকাশ কৰে লক্ষ্য কোঁৱৰে।সংবাদমেলত উপস্থিত থাকি খেলো ইণ্ডিয়া য়ুথ গেমছ সন্দৰ্ভত বিধায়ক ৰিতুপৰ্ণ বৰুৱাই কয় যে খেলো ইণ্ডিয়াৰ জৰিয়তে অসমখন মিনি ইণ্ডিয়ালৈ পৰিণত হৈছে।গুৱাহাটীক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে খেলো ইণ্ডিয়াৰ জৰিয়তে সেয়া সম্ভৱপৰ হ’ব।লগতে বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি ৰূপক শৰ্মাই এই ক্ষেত্রত সংবাদ মাধ্যমৰ লগতে অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি