ক’ৰণা ভাইৰাছৰ সজাগতামূলক ব্যৱস্থাৰ সম্পৰ্কত পিয়ুষ হাজৰিকাই কি ক’লে

0 249

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্য্যলয়ত কৰ’না ভাইৰছৰ আৰু অসমৰ পৰা ভূটানলৈ যোৱা বিদেশী পৰ্যটকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা পাছতে  কিদৰে ক’ৰণা ভাইৰছৰ নিৰাময় কৰিব পাৰি আৰু মানুহৰ মাজত আতংকময় পৰিৱেশ যাতে সৃষ্টি নহয়  অসম চৰকাৰ তথা স্বাস্থ্য  বিভাগে ৪৫ দিনত কি ধৰণৰ পদক্ষেপ লৈছে তাৰ বিষয়ে সংবাদমেলত সদৰী কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷
বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত চীনৰ ইউহান নগৰত ক’ৰণা ভাইৰাছৰ চিনাক্ত কৰা হয় ৷ বিশ্বব্যাপী আতংকময় পৰিৱেশ সৃষ্টি কৰা ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে ৯৪ দেশৰ প্ৰায় ১ লাখ লোক ৷ ভাৰতত বৰ্তমানলৈ আক্ৰান্ত ৩১ জনলৈ বৃদ্ধি হৈছে যদিও বৰ্তমানলৈকে এজনো মৃত্যু হোৱা নাই ৷ তাৰ পৰিৱৰ্তে চীনত ৩ হাজাৰ লোকৰ আমেৰিকা,জাপান, ইৰাণ , ছাউথ কুৰিয়া,ইটালীত বহু লোকে মৃতুক সাৱতি ল’ব লগা হৈছে ৷
তদুপৰি ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সাধাৰণ পৰিষ্কাৰ  পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে এন ৯৫ মাস্ক নহ’লেও সাধাৰণ মাস্ক পিন্ধিলেও হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে৷
অসমৰ পৰা ভূটানলৈ যোৱা মাৰ্কিন বিদেশী পৰ্যটকৰ শৰীৰত ক’ৰণা ভাইৰছৰ উপস্থিতি ধৰা পৰা পাছতেই পৰ্যটক গৰাকী থকা সকলো হোটেল কৰ্মচাৰী নিৰীক্ষণত ৰখা হৈছে ৷ আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে৷
একে ঠাইতে বহুত মানুহৰ জমা হোৱা যিকোনো অনুষ্ঠানৰ বাতিলৰ বাবে আহ্বান জনাই, কাজিৰঙাত হ’বলগীয়া কাজিৰঙা ফেষ্টিভেল পিছুৱাই দিবলৈ আহ্বায়ক সমিতিক অনুৰোধ জনায় ৷
অসমৰ স্বাস্থ্য বিভাগৰ লগতে অসম চৰকাৰে যুদ্ধংদেহী প্ৰস্ততিৰে এই ক’ৰণা ভাইৰাছৰ লগত প্ৰতিৰোধ আৰু আক্ৰান্ত লোকক চিনাক্ত কৰিবলৈ ৰেল ষ্টেচন , বিমানবন্দৰ , বাছ আস্থানত চিকিৎসা তথা পৰীক্ষা ব্যৱস্থা কৰিছে ৷
জি এম চি এইচৰ লজতে কানলৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তো পৰীক্ষা আৰম্ভ কৰা বুলি মত পোষণ কৰে ৷ চৰকাৰী চিকিৎসালয় লগতে সকলো ব্যক্তিগত চিকিৎসালয় লগত চৰকাৰৰ যোগাযোগ কৰি আছে বুলি জানিবলৈ দিয়ে ৷

Leave A Reply

Your email address will not be published.