অৱশেষত বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী বাস্তৱায়িত হোৱাৰ দিশত। বিশেষকৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শেহতীয়াকৈ এখন লঘু বাহন চলাচল কৰিব পৰা পকী তথা কংক্ৰিটৰ দলং নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু কিছুদিন পূৰ্বে দলঙৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰা কাৰ্যত বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজে আদৰণি জনাইছে। উল্লেখযোগ্য যে প্ৰায় এমাহ পূৰ্বে বিধায়ক কলিতাৰ নিৰ্দেশত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা ৰাতুল কুমাৰ বেজ আৰু পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই খানামুখ অঞ্চল ভ্ৰমণ কৰি কেহেৰুবাৰী আৰু ফুকনৰ মাজত দলং নিৰ্মাণ হবলগীয়া প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি কোনফালে দলং নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হব তাৰ এক ক্ষেত্ৰ অধ্যয়ণ কৰিছিল। ইয়াৰ পূৰ্বে অঞ্চলটোৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘ, খানামুখ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰ কৰ্মকর্তা সকলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যিফালে দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণৰত কণ কণ ছাত্ৰ – ছাত্ৰী সকলৰ লগতে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ, কমিউনিটি হল আৰু একমাত্ৰ খেলপথাৰখনলৈ অহা যোৱাৰ পথ চমু হয় তেনে সুবিধাজনক স্থানত দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি বিধায়ক কলিতাই ফুকনৰ পাৰত থকা বিদ্যালয়, খেলপথাৰ, লক্ষ্মী মন্দিৰ আৰু কমিউনিটি হললৈ খানাজানৰ পশ্চিম দিশত থকা কেহেৰুৱাৰীৰ পৰা আহিলে কোনখিনী স্থানৰে চমু আৰু সুবিধাজনক হব তাৰ বুজ লয়। সেই অনুসৰি কেহেৰুৱাৰীৰ ৩ নং উপপথৰ সমীপত দলং নিৰ্মাণ হলে বিপৰীত তথা কেহেৰুৱাৰীৰ দিশৰ পৰা কম সময়তে কণ কণ শিশুবোৰৰ লগতে ছাত্ৰ – ছাত্ৰী আৰু ৰাইজে বিদ্যালয় , খেলপথাৰ, লক্ষ্মী মন্দিৰ, কমিউনিটি হল আদিৰ দৰে ৰাজহুৱা অনুষ্ঠানত সহজতে আৰু নিৰাপদে উপস্থিত হব পাৰিব বুলি পৰিদৰ্শনকালত বিধায়ক কলিতাই সহমত ব্যক্ত কৰে। আনহাতে সকলো ঠিকে ঠাকে থাকিলে আৰু বিভাগীয় কাম কাজ খিনী সম্পন্ন হলে আগন্তক বাৰিষাৰ পূৰ্বে দলং নিৰ্মাণৰ কাম আৰম্ভ হব বুলিও বিধায়ক কলিতাই সদৰি কৰে। আনহাতে সিদিনাই বিধায়ক কলিতাই খানামুখ মিলিজুলি মহিলা সমিতিৰ ভূমি পৰিদৰ্শন কৰি তাত এটা গৃহ নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায় কৰা হব বুলি ঘোষণা কৰে। পৰিদৰ্শন কালত গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া, অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা উপস্থিত আছিল। আনহাতে সংঘৰ কৰ্মকর্তা সকলে সদৰি কৰা অনুসৰি খানাজানৰ পূব দিশত ফুকনৰপাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ । তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা – সমিতি অনুষ্ঠিত হোৱা এটা কমিউনিটি হল বা সামূহিক গৃহ। কিন্ত দলঙৰ অভাৱত কেহেৰুবাৰী , নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদসংকুলভাবে অহা যোৱা কৰিব লগা হয়। আনকি বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা কেবাজনো ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে। তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কেহেৰুবাৰী , নোৱাপাৰা চুবুৰীৰ কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে। কিয়নো অভিভাৱক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে স্বাভাৱিক কাৰণতেই নিজৰ সন্তানক পঠিয়াবলৈ ভয় কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজেও কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বা সমীপত সৰু দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল । বিধায়ক কলিতাই বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজক পুনৰ বিধায়ক নিৰ্বাচিত হলে ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল । উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাটো নিশ্চিত ।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ