গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে।উল্লেখ্য যে পূজাই ৫৭ কেজি শাখাৰ জুড’ প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক লাভ কৰে।স্মৰ্তব্য যে পূজাই ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ্ গেমছৰ জুড’ প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।ইতিমধ্যে খেলুৱৈ গৰাকীয়ে পাঞ্জাৱৰ গোৱালিয়ৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।ইতিপূৰ্বে অসমৰ উপাসা তালুকদাৰে জিমনাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত মহাৰাষ্ট্ৰ সৰ্বমুঠ ২৯ টা পদকেৰে শীৰ্ষ স্থানত আছে।ইয়াৰে ভিতৰত ৯ টা সোণ,৮ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক।
Trending
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ