শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া ক্ষেত্ৰত ৩ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ‘পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ’। গ্ৰন্থ উৎসৱ সফল কৰি তুলিবলৈ ইতিমধ্যে শিৱসাগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক সভাপতি, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তক কাৰ্যকৰী সভাপতি, শিৱসাগৰ কলেজৰ অৱসপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰকাশ কটকীক মুখ্য ব্যৱস্থাপক, সমীৰণ ফুকনক সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি সাহিত্যিক পদ্মনাথ বৰগোহাঁই সোৱৰণি মঞ্চত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকণ, বক্তৃতা প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হ’ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। আনহাতে গ্ৰন্থ উৎসৱৰ বাকৰিত প্ৰতিদিনেই অনুষ্ঠিত হ’ব লেখক-পাঠকৰ আড্ডা। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ লগতে অসমৰ বহুকেইটা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত অংশগ্ৰহণ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে