গুৱাহাটীত দীপক শৰ্মা সম্পাদিত প্ৰবন্ধ সংকলন ফুল-বাঁহ উন্মোচন

0 224

অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ১৭ মেত মহানগৰীৰ এছ কে হাজৰিকা কলেজ প্ৰাংগনত সাংবাদিক, কবি দীপক শৰ্মা সম্পাদিত প্ৰবন্ধ সংকলন ফুল-বাঁহ শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি পদ্মশ্রী প্ৰাপক, বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- ফুল আৰু বাঁহ খেতিৰে নিজেও স্বাবলম্বী হ’ব পাৰি লগতে দহটা পৰিয়ালকো পোহপাল দিব পাৰি। বাঁহৰ উদ্যোগ কেতিয়াও মৰহি নাযায়। ফুল-বাঁহেৰে অৰ্থনৈতিক বুনিয়াদ গঢ়িব পাৰি। ৰাজ্য চৰকাৰে ফুল-বাঁহৰ ওপৰত যথোচিত ধৰণেৰে গুৰুত্বাৰোপ কৰি নিবনুৱা সমস্যা সমাধান কৰিব পাৰে। সভা উদ্ধোধন কৰি বিশিষ্ট বুদ্ধিজীবী তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ পাঠকে কয়- ব্যৱসায়িক ধৰণেৰে ফুল খেতিৰ লগতে বাঁহ খেতি কৰিলে অসমত যথেষ্ট সম্ভাবনা আছে। গুৱাহাটীৰ বজাৰলৈ নিতৌ কলিকতা, বাংগালোৰ আদিৰ পৰা লাখ-লাখ টকাৰ ফুল আহে। সেই ফুলৰ বজাৰ অসমৰ যুৱক-যুৱতীয়ে গঢ়ি তুলিব লাগে। সেই যুৱক-যুৱতীক চৰকাৰে সুলভ ধৰণেৰে ঋণ দিব লাগে। নিবনুৱা সমস্যা সমাধানত যথোপযুক্ত ধৰণৰ সহায়ক হ’ব। নতুন প্রজন্মই বাঁহ-বেতৰ সামগ্রী উৎপাদনত মনোনিৱেশ কৰিব লাগে। শ্রীকৃষ্ণই বাঁহেৰে বনোৱা বাঁহী বজাইছিল। বাঁহীৰ সুমধুৰ সুৰত ত্ৰিভুৱন কপি উঠিছিল। বাঁহৰ সমাদৰ বিশ্বজুৰি আছে। সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, সাহিত্য কোঁৱৰ কমল কলিতাই কয়- মানৱ জাতিৰ বাবে বাঁহ এক আপুৰুগীয়া সম্পদ। সেইদৰে ফুল নহ’লেও কোনো জাতিয়ে চলিব নোৱাৰে। অসম কিয় ভাৰতৰ লগতে সমগ্র পৃথিবীতে কবি, সাহিত্যিক,শিল্পী সৃষ্টিৰ অন্তৰালত ফুল-বাঁহৰ ভূমিকা আছে। অসমত ৰঘুনাথ চৌধাৰী, ৰত্নকান্ত বৰকাকতী, পাৰ্বতী প্ৰসাদ বৰুৱা, নলিনী বালা দেৱী, জয়ন্ত হাজৰিকা আদিয়ে বহু গীত-কবিতা ফুলক লৈ ৰছনা কৰি থৈ গৈছে।
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত উপ-মহাপ্ৰবন্ধক তথা নগাঁৱৰ বিশিষ্ট কবি চন্দ্রকান্ত শইকীয়াই কয়- “বাঁহ মানৱ সভ্যতাৰ এক মহামূল্যবান সম্পদ। অসমীয়া সমাজত বাঁহৰ ব্যৱহাৰ যুগ-যুগান্তৰৰ পৰা চলি আহিছে।বাঁহক লৈ বৃহৎ উদ্যোগ স্থাপন কৰিব পাৰি।ফুল বেয়া পোৱা মানুহ এই পৃথিবীত নাই বুলি ক’ব পাৰি। ফুলৰ প্ৰয়োজনীয়তা অসমত কৃষকে বঢ়াব পৰা নাই। চৰকাৰে স্বেচ্ছাসেৱী অনুষ্ঠান, আত্মসহায়ক গোট আদিক প্ৰশিক্ষণ দি ফুল-বাঁহৰ ওপৰত ব্যৱসায়িক মনোবৃত্তি গঢ়ি তুলিব লাগে। গোৱালপাৰা জিলা সাহিত্য সভাৰ উপ-সভাপতি ভাস্কৰ চৌধুৰীয়ে সভাত অংশ লৈ কয়- বাঁহক লৈ নতুন নতুন আচবাব নিৰ্মাণ কৰা হৈছে। ইথানল সৃষ্টি কৰিছে। বাঁহ সংস্কৃতি আদিতেও আছিল।ভৱিষ্যতেও থাকিব।ফুল-বাঁহৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। সম্পদ কেন্দ্র,অসমৰ অধ্যক্ষ ড০ গনেশ্বৰ চহৰীয়াই সভাত অংশ লৈ কয়- সমাজ জীৱনত বাঁহৰ ভূমিকা সদৰৰ ভাইৰ দৰে। বাঁহ খেতি কিম্বা ফুল খেতিৰ জীৱন ধাৰা,চিন্তা ধাৰা অন্যন্য। এজন মানুহক জন্মৰ পৰা মৃত্যুলৈ ফুল-বাঁহৰ প্ৰয়োজন আছে। সৃষ্টিশীল কামত ফুল-বাঁহৰ প্ৰয়োজন ভাৱিব নোৱৰা। ফুল শান্তিৰ প্ৰতীক।পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত প্ৰাঞ্জল মহন্ত,প্ৰাণজিৎ বেজবৰুৱা, তাজনুৰ আলম চৌধুৰী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.