গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু এন এছ এছ কোষৰ সহযোগত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ জি ইউ আই এছ টি ছেমিনাৰ হলত “নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান” শীৰ্ষক এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এই মহৎ পদক্ষেপৰ শলাগ লয় আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু এন এছ এছ স্বেচ্ছাসেৱকসকলক শৃংখলা, সেৱা আৰু ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ আদৰ্শ অনুসৰণ কৰি বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই নিচামুক্ত ভাৰত আৰু বিকশিত ভাৰত অভিযানৰ তাৎপৰ্য ব্যাখ্যা কৰি স্বেচ্ছাসেৱকসকলক নিজ নিজ সমাজ আৰু শিক্ষানুষ্ঠানত মাদকবিৰোধী সজাগতা সভাৰ আয়োজন কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব তথা কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আদৰণি ভাষণ আগবঢ়ায়। তেওঁ এখন সুস্থ,দায়িত্বশীল আৰু সচেতন সমাজ গঠনত যুৱ সমাজ আৰু এন এছ এছ স্বেচ্ছাসেৱকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।আনহাতে অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ভাষণ। তেওঁ দেশজুৰি অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি যুৱ সমাজক নিচামুক্ত আৰু বিকশিত ভাৰত গঢ়াৰ দিশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ প্ৰায় ২০০ গৰাকী এন এছ এছ স্বেচ্ছাসেৱক, এন এছ এছ কাৰ্যসূচী বিষয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Trending
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ