দেশজুৰি এতিয়া ক’ভিড মহামাৰীৰ আতংক । চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি । কিন্তু তাৰ মাজতো প্রকৃতিয়ে স্বমহিমাৰে নিজৰ ৰূপ ধাৰণ কৰিছে । আনকি লকডাউন সদৃশ পৰিস্থিতিৰ বাবে মানুহ নামধাৰী প্ৰাণীবিধৰ বাহিৰে বাকী সকলো কুশলে আছে । বৰঞ্চ আন আন জীৱকুল আৰু উদ্ভিদকুলক লকডাউন সদৃশ পৰিস্থিতিয়ে সহায়হে কৰিছে। যান বাহনৰ চলাচল বহুখিনী কমি যোৱাত কাৰ্বনডাই অক্সাইদৰ নিৰ্গমনো কমি গৈছে । ফলত সকাহ পাইছে প্ৰকৃতিয়ে আৰু ইয়াৰ ফলত বিগত দিনকেইটাত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে চাৰিওফালে ফলে – ফুলে জাতিষ্কাৰ হৈ পৰিছে । ইফালে কৃষ্ণচূড়াৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত যেন এতিয়া প্ৰকৃতিয়ে সৌন্দৰ্যৰ পোহাৰ মেলিছে । চৌহদত লহপহকৈ ফুলি উঠিছে এজাৰ , কৃষ্ণচূড়া , ৰাধাচুড়া , সোণাৰুকে ধৰি নানা তৰহৰ ৰঙীন ফুল । ৰঙীন প্ৰকৃতিয়ে হাত বাউল দি মাতিছে প্রকৃতিপ্ৰেমীক । কিন্তু উপভোগ কৰোতাহে কোনো নাই । কিয়নো ক’ভিড মহামাৰীৰ বাবে আন আন শিক্ষানুষ্ঠানৰ দৰে বিগত প্ৰায় ডেৰমাহ ধৰি বন্ধ হৈ আছেগুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান । চৌহদত এতিয়া নিমাওমাও পৰিবেশ আৰু তাৰ মাজতে চাৰিওফালে কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰ মেলা । চৌহদৰ মাজেৰে যোৱা জালুকবাৰীৰ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ পৰা সাতমাইললৈকে প্ৰায় দুই কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে ফুলি আছে এজাৰ , কৃষ্ণচূড়া , ৰাধাচূড়া , সোণাৰুকে ধৰি চিনাকী – অচিনাকী নানা তৰহৰ ফুল । বিগত বৰ্ষতো এই সময়চোৱাত দেশজুৰি চলি থকা সম্পূৰ্ণ লকডাউনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ হৈ আছিল । ইফালে ফলে ফুলে জাতিষ্কাৰ হৈ অপৰূপ সৌন্দৰ্যৰ পোহাৰ মেলি এক নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰা আৰু বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনত অৱশ্যে যিসকল লোক শিক্ষাকতা বা চাকৰি কৰাৰ সূত্ৰে চৌহদৰ আবাসী হৈ আছে তেওঁলোক ভাগ্যবান বুলি বিবেচিত হৈছে । কিয়নো তেওঁলোকেহে বিনাদ্বিধাই মুক্ত মনে প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য উপভোগ বা ৰূপসুধা পান কৰিবলৈ সক্ষম হৈছে । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ তৰণী ডেকা আৰু তেওঁৰ সহধৰ্মিনী তথা শিক্ষাসেৱী আৰু গড়লৰ ৱাণ্ডাৰ কিডছ নামৰ শিশু শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অজন্তা শৰ্মা ডেকাই এই সন্দৰ্ভত কয় – ক’ভিডসৃষ্ট এই হতাশাগ্ৰস্ত পৰিবেশৰ মাজতে প্ৰকৃতিয়ে এতিয়া জুৰিছে হেঁপাহৰ গান ,সলনি কৰিছে একাংশ মানুহৰ কৃত্ৰিমতা , নতুন চিন্তা – সৃষ্টিৰ এনাজৰী বান্ধি সকলোকে মাতিছে হাতবাউলি সেউজীয়াৰ দেশলৈ । উল্লেখযোগ্য যে অজন্তা শৰ্মা ডেকা আৰু তেওঁৰ দশম শ্ৰেণীত পঢ়ি থকা জীয়ৰী প্ৰিন্সিৰ সৈতে নয়নাভিৰাম সৌন্দৰ্যৰ মাজতে ১৫ দিনৰো অধিক দিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনাই বনাই ঘূৰি ফুৰা কুকুৰ – মেকুৰী সমূহক ভাত , বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি মহানুভবতাৰ পৰিচয় দিছে ।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme