সামাজিক অনুষ্ঠান সুৰক্ষা আউনিহাটীয়ে ১০ জুলাই ৰবিবাৰে কৃষ্ণগোপাল নামঘৰৰ প্ৰাঙ্গনত চলিত বৰ্ষত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত ,উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সৰ্বমুঠ ২০ গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক ডালিম চন্দ্ৰ দাস ,ঠাকুৰাণী নামঘৰৰ আৰু কৃষ্ণগোপাল নামঘৰৰ সভাপতি সম্পাদক, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সহকাৰী অধ্যাপক ড০ নৱমিতা দাসৰ লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।উক্ত সভাত সুৰক্ষা আউনিহাটীৰ উদ্যোগত আৰু স্পৰ্শ-অসম, বেলি এডুকেশ্বন আৰু প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া ১৫ দিনীয়া শৈক্ষিক কৰ্মাশালাৰো শুভ উদ্বোধন কৰা হয় ।অনুষ্ঠানত প্ৰশিক্ষক মণিমা দাস আৰু চুণুমণি দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখযোগ্য যে আৰ্থিক অনগ্ৰসৰতা নেওচি গাওঁখনৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ উত্তীৰ্ণ মানসজ্যোতি দাস, স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ভূমিকা কৈৱৰ্ত ,টিনা দাস আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৃদুল চৌধুৰীয়ে আত্মবিশ্বাস আৰু একাগ্ৰতাৰ সন্মুখত কোনো আৰ্থ-সামাজিক পৰিৱেশেই সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে বুলি উল্লেখ কৰি অনুজ শিক্ষাৰ্থীসকলক সমাজৰ প্ৰতিও দায়ৱদ্ধ হ’বলৈ আহ্বান জনায়।অঞ্চলটোৰ শিক্ষা, কৃষি,সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ বাবে সুৰক্ষা আউনিহাটীয়ে ধাৰাবাহিকভাৱে লৈ অহা ব্যতিক্ৰমী পদক্ষেপসমূহৰো শলাগ লয় কৃতি শিক্ষাৰ্থীসকলে। অনুষ্ঠানটি কণ-কণ মইনাসকলৰ গীত মাতৰ লগতে সম্বৰ্ধিত আন এগৰাকী কৃতি ছাত্ৰ মানস দাসৰ বাঁহীবাদনে মনোগ্ৰাহী কৰি তোলে।সুৰক্ষা আউনিহাটীৰ সভাপতি তথা বেলি এডুকেশ্বনৰ সঞ্চালক ৰত্ন দাস আৰু সুৰক্ষাৰ কৰ্মকৰ্তা বিপুল কুমাৰ দাসে অনুষ্ঠানটো পৰিচালনা কৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান