ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত “ঐতিহ্য দিৱস” উদযাপন

0 315

উত্তৰ অসমৰ উচ্চ শিক্ষা প্ৰসাৰনত মেটমৰা অৱদান আগবঢ়াই আহিছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত অৱস্থিত নৰ্থ বেংক মহাবিদ্যালয়ে । ১৯৬১ চনতে স্থাপিত এই উচ্চ শিক্ষানুষ্ঠানত বুধবাৰে উদযাপন কৰা হয় ঐতিহ্য দিৱস। ঢকুৱাখনাৰ কৰ্মযোগী ,প্ৰবীণ মুক্তি যোদ্ধা  ,শিক্ষাবিদ প্ৰয়াত সতীশ চন্দ্ৰ গগৈৰ আশাসুধীয়া প্ৰচেষ্টাৰ বিনিময়ত ১৯৬১ চনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ উচ্চ শিক্ষাৰ আলোকেৰে আলোকিত কৰাৰ মহান লক্ষ্যৰে  ঘিলামৰা সদৰত প্ৰতিষ্ঠা হৈছিল এইখন মহাবিদ্যালয়খন।

বিগত ৬১ বছৰীয়া বৰ্ণিল শৈক্ষিক পৰিক্ৰমা আৰু উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ নিৰন্তৰ প্ৰয়াসৰ মাজতে বুধবাৰে মহাবিদ্যালয়খনত উদযাপন কৰা হয় ঐতিহ্য দিৱস। ১৯৬১ চনৰ আজিৰ দিনটোৰ পৰাই  মহাবিদ্যালয়খনৰ বিদ্যায়তনিক পাঠদান পৰ্বৰ শুভাৰম্ভ হোৱা সেই শুভ ক্ষণৰ  সশ্ৰদ্ধ স্মৰণ কৰি এই দিনটো উদযাপন কৰা হয় ।দিনজোৰাকৈ অনুষ্ঠিত ঐতিহ্য দিৱসৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়াই। ইয়াৰ পাছতে মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সতে আমৃত্যু জড়িত  প্ৰয়াত ব্যক্তি সকলৰ  সশ্ৰদ্ধ স্মৰণ কৰি স্মৃতি তৰ্পণ কৰা হয়। পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি সভাৰ মঞ্চ উদ্ধোধন কৰে প্ৰাক্তন ছাত্ৰ তীৰ্থ বৰুৱাই।
মুকলি সভাত  নিৰ্দিষ্ট বক্তা হিচাবে মহাবিদ্যালয়খনৰ অৱসৰী অধ্যাপিকা ইভা ৰাণী বৰুৱা উপস্থিত থাকি মননশীল বক্তব্য ৰাখে।মুকলি সভাতেই মহাবিদ্যালয়ৰ  অধ্যাপক ভবেশ মৰাং আৰু দেৱ কুমাৰ চাংমাইৰ সম্পাদনাত প্ৰকাশন গোটে প্ৰকাশ কৰি উলিওৱা “GLIMPSES OF THOUGHTS ” নামৰ  এখন গৱেষণামূলক গ্ৰন্থখন উন্মোচন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই ।
অধ্যাপক শুভ দাসে আঁত ধৰা আৰু মহাবিদ্যালয় আভ্যন্তৰীন মান নিৰূপণ কোষৰ সহযোগত আৰু মহাবিদ্যালয় মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত  ঐতিহ্য দিৱসত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ , অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ  সুৰেশ্বৰ  বৰা , মহাবিদ্যালয় প্ৰতিস্থাপক  আৰু পৰিচালনা সমিতিৰ প্ৰধান  সম্পাদক প্ৰয়াত সতীশ চন্দ্ৰ গগৈৰ  পুত্ৰ অধ্যাপক পুলক গগৈ,  মহাবিদ্যালয়ৰ  প্ৰাক্তন ছাত্ৰ আৰু গোগামুখ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মহেন্দ্ৰ বৰগোঁহাই ,প্ৰাক্তন ছাত্ৰ তথা প্ৰবীণ শিক্ষাবিদ তীৰ্থ বৰুৱা , গিৰিশ দত্ত ,গোলাপ গোঁহাই ,পূৰ্ণানন্দ দত্ত , তিলোত্তমা বৰুৱা , সুশীলা চাংমাই , সমূহ শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষাব্রতী ৰাইজ উপস্থিত থাকে। দিৱসৰ  মুকলি সভাৰ কাৰ্য্যসূচীত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক মহান ত্যাগ আৰু অৱদানৰ শলাগ লৈ তেওঁলোকৰ কায়িক অনুপস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ সদস্য সকলক সম্বৰ্ধনা জনোৱা হয়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.