ঘৰ সাজিবলৈ মৈথন ষ্টীল ব্যৱহাৰ কৰক-গ্ৰেট খালি

0 207

মৈথন ষ্টীলৰ বেণ্ড এম্বেছাদৰ গ্ৰেট খালি কালি গুৱাহাটীত উপস্থিত হয়।গুৱাহাটীত উপস্থিত হৈ তাজ ভিভান্টাত আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।অনুষ্ঠানৰ শেষত এক সংবাদমেল সম্বোধন কৰি গ্ৰেট খালিয়ে ক‌য় যে মৈথল ষ্ট্ৰীল অতুলনীয়, ই সাধাৰণ ষ্ট্ৰীলতকৈ পৃথক।সেয়েহে সকলোৱে ঘৰ বনাবলৈ মৈথল ষ্ট্ৰীল ব্যৱহাৰ কৰা প্ৰয়োজন।অনুষ্ঠানৰ লগত সংগতি ৰাখি কষ্টমাৰ ইডুচেশ্বন প্ৰগ্ৰাম মুকলি কৰে।

আনহাতে মৈথল ষ্ট্ৰীলৰ সঞ্চালক মধুৰ আগৰৱালাই কয় দ্য গ্ৰেট খালিয়ে সদায়েই বেণ্ড এম্বেছাদৰ হিচাপে অনুপ্ৰেৰণা হৈ অহাৰ কাৰণ তেওঁ কেৱল নিৰন্তৰ শক্তি প্ৰতিষ্ঠা কৰাৰ বাবেই নহয়। বৰঞ্চ তেওঁ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিষ্ঠিত আৰু WWE চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় মল্লযোদ্ধা সকলক পৰাজিত কৰাৰ একাধিক আন্তৰ্জাতিক শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে,আৰু আন্তৰ্জাতিক মানদণ্ড অতিক্ৰম কৰিছে।উল্লেখযোগ্য যে মৈথল ষ্টীলৰ অৱস্থিতি অসম ,অৰুণাচল প্ৰদেশ, নাগালেণ্ড,ত্ৰিপুৰা, মিজোৰামৰ, মণিপুৰ আৰু মেঘালয়ত আছে।

Leave A Reply

Your email address will not be published.