এখন ভাল কিতাপে আপোনাৰ জীৱনত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব পাৰে।জীৱনৰ গতিপথ সলনি কৰিব পাৰে।এনেবোৰ তত্ব গধুৰ কথাৰ মূল্য অনুধাৱন কৰিয়েই গোলাঘাট কাকডোঙাৰ অৰিন্দম গগৈ নামৰ ব্যক্তিজনে আৰম্ভ কৰিছে গ্ৰন্থ যাত্ৰা নামৰ এক অভিযানৰ।এই গ্ৰন্থ যাত্ৰা নামৰ অভিযানৰ জৰিয়তে তেখেতে বহু বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীক গ্ৰন্থ উপহাৰ দিছে আৰু লগতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি সজাগতা সৃষ্টি কৰিছে।জানি সুখী হ’ব যে ইতিমধ্যে তেখেতে যোৰহাট, শিৱসাগৰ, মাজুলী, গোলাঘাটৰ প্ৰায় ৮হাজাৰো অধিক ছাত্ৰ ছাত্ৰীক গ্ৰন্থ উপহাৰ হিচাপে দিছে।শিশু জীৱন গঢ়াৰ সহায়ক হোৱাকৈ সাহিত্য বঁটা পোৱা অথবা শিশু উপযোগী গ্ৰন্থ যোগান ধৰিছে।শেহতীয়াকৈ তেখেতে অন্য এক পদক্ষেপ গ্ৰহণ কৰিছে ।পুৰণি কিতাপক উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰিছে।সেয়েহে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এনেদৰে প্ৰচাৰ চলাইছে -আপুনি বিক্ৰী কৰা কিতাপখনে কাৰোবাৰ জীৱন গঢ়িব পাৰে, চানাৱালাক দিয়াতকৈ পুৰণি কিতাপ মোক দিয়ক।এই সম্পৰ্কে অৰিন্দম গগৈয়ে এনেদৰে কয় পিন্ধা চোলা পুৰণি হ’ব পাৰে ।কিতাপ কেতিয়াও পুৰণি নহয়।এখন ভাল কিতাপ উঠি অহা প্ৰজন্মক উপহাৰ হিচাপে আগবঢ়াব পৰাৰ বাবে মোৰ এই ক্ষুদ্ৰ প্ৰয়াস ।স্মতব্য যে আজিৰ পৰা ১৪বছৰৰ আগতে যোৰহাটৰ এখন প্ৰতিষ্ঠানেও পুৰণি কিতাপ ক্ৰয় কৰিছিল।উল্লেখযোগ্য যে অৰিন্দম গগৈ আৰু তেখেতৰ পত্নী জয়শ্ৰী সন্দিকৈয়ে ব্যক্তিগত প্ৰচেষ্টাত এনেদৰে পোনপ্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ।আৰু বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰি তুলিছে ।সমাজৰ এই মহৎ কামৰ অংশীদাৰ হোৱা গগৈ দম্পত্তিক সচেতন মহলে শলাগ লৈছে ।
1 Comment
Very very appreciable initiative.